নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰোত্তোলনত ভাৰতৰ হৈ ৰূপৰ পদক লাভ শংকেত সৰগৰৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই শংকেত সৰগৰে ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰে। ৫৫ কেজি ভাৰোত্তোলন একাদশত এই কৃতিত্ব অৰ্জন কৰিছিল শংকেতে। সংকেতে ১১৩ কেজি ওজন তুলিছিল। তেওঁ ক্লিন এণ্ড জাৰ্কত (Clean & Jerk category) ১৩৫ কিলোগ্ৰাম ওজন তুলিছিল। এই ইভেণ্টত প্ৰথম স্থান দখল কৰে মালয়েছিয়াৰ বিন কাছদান মহম্মদে। ক্লিন এণ্ড জাৰ্কত তেওঁ ১৪২ কিলোগ্ৰাম পৰ্যন্ত ওজন তুলিছিল।

মহাৰাষ্ট্ৰৰ ছাংগলিৰ বাসিন্দা শংকেতে ২০২১ চনৰ ডিচেম্বৰত কমনৱেলথ চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ সোণৰ পদক লাভ কৰে। ১১৩ কেজি উঠাই স্নেচত সোণৰ পদক লাভ কৰিছিল শংকেতে। তেওঁ খেলো ইণ্ডিয়া ইউথ গেমছ ২০২০ আৰু খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ২০২২ৰ চেম্পিয়ন হৈ আহিছে।

You might also like