নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত পুৱাই চাইকেল লৈ ওলাল শতাধিক ছাত্ৰ-ছাত্ৰী, নাগৰিক

  • লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে চাফাই -ৰোগী আৰু কাৰাবাসীৰ মাজত ফল-মূল বিতৰণ: 
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা ধেমাজিৰ পেগু বজাৰৰ পৰা এক চাইকেল শোভাযাত্ৰা উলিওৱা হয়। পুৱা ৮ বজাতে উলিওৱা এই চাইকেল সমদল আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। এই উপলক্ষে দিয়া শুভেচ্ছামূলক ভাষণত সাংসদ বৰুৱাই লাচিত বৰফুকনৰ অৱদান অবিহনে অসমীয়া জাতি জীয়াই থাকিব নোৱাৰিলেহেতেন বুলিকৈ আজি লাচিত বৰফুকনৰ জয়ন্তী উপলক্ষে চৰকাৰে আয়োজন কৰা এনে অনুষ্ঠানে বীৰ পুৰুষ জনাৰ বীৰত্ব আৰু কৃতিত্বৰ গাথা দেশজুৰি প্ৰচাৰ কৰাত সহায়ক হ’ব বুলি তেওঁ মন্তব্য কৰে। চাইকেল চলোৱাটো স্বাস্থ্য ৰক্ষাৰ ভাল উপায় বুলি উল্লেখ কৰি তেওঁ কয় যে, এনে অনুষ্ঠানে  সচেতনতা বৃদ্ধি কৰিলে নতুন প্ৰজন্ম উপকৃত হ’ব। অনুষ্ঠানত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা ক্ৰীড়া বিষয়া মৃদুল কুমাৰ দত্ত‌, শিক্ষক-কৰ্মচাৰী-ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে বিষয়া সকলো উপস্থিত থাকে। সমদলত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী তথা নাগৰিকে অংশ গ্ৰহণ কৰে। ইয়াৰ সমান্তৰালভাৱে আজি পুৱা নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আৰু পৌৰ সভাৰ সহযোগত ধেমাজি আৰু চিলাপথাৰ নগৰত ব্যাপক চাফাই অভিযান চলোৱা হয়। পুৱা ১০ বজাত ধেমাজি জিলা কাৰাগাৰৰ আৱাসী আৰু ধেমাজি অসামৰিক চিকিৎসালয় আৰু চিলাপথাৰ গ্ৰাম্য চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত জিলা প্ৰশাসনৰ তৰফৰ পৰা ফল-মূল বিতৰণ কৰা হয়। কাইলৈ পুৱা ১০ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জালা স্বাস্থ্য বিভাগৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে একে সময়তে জোনাইৰ কুলি বজাৰ আৰু মাছখোৱাৰ চিচিমুখত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। সমূহ কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আন্তৰিকতাৰে কামনা কৰিছে।
You might also like