নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত দিন দুপৰতে বাইক চুৰি

নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰ:: মৰিগাঁও জিলাৰ লাহৰীঘাটত আজি দিন দুপৰতে সংঘটিত হৈ চুৰি ঘটনা।লাহৰীঘাট থানাৰ অন্তৰ্গত বৰবৰি চাৰিআলীৰ পৰা দুপৰীয়া প্ৰায় ১২.৩০ মান বজাত এখন এ.এছ-২১ -কে-৭১৪৮ নাম্বাৰৰ পালচাৰ বাইক চুৰি কৰি চুৰ উধাও হয় ।জানিব পৰা মতে অমৰাগুৰি গাঁৱৰ নজৰুল ইছলাম নামৰ ব্যক্তিজনে প্ৰত্যেক দিনাৰ দৰে আজিও পুৱাতে ঘৰৰ পৰা আহি বৰবৰি চাৰিআলী মাছমহলৰ ওচৰতে থকা নিজা পান তামোলৰ দুকানত বহে ।বৰবৰিত পান তামোলৰ দুকান দি ক্ষুদ্ৰ ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া নজৰুল ইছলামে দুপৰীয়া ভাগত নিজা বাইক খন আনিবলৈ গৈ দেখে উক্ত স্থানত বাইক নাই ।নিদিষ্ট স্থানত বাইকৰ গৰাকীয়ে নিজা বাইক প্ৰত্যক্ষ নকৰাত বৰবৰি চাৰিআলী আশে পাশে বিচাৰে যদিও পালচাৰ বাইক খনৰ সন্ধান লাভ নকৰে ।দিন দুপৰতে এনেদৰে বাইক চুৰি হোৱা ঘটনাই উপস্থিত ৰাইজৰ মাজত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।লাহৰীঘাট আৰক্ষীৰ ৰ্নিলিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এতিয়া দিন দুপৰতে সংঘটিত কৰিলে চুৰি ঘটনা । পৰবৰ্তী সময়ত বাইক খনৰ গৰাকীয়ে চুৰি সন্দৰ্ভত এখন লিখিত জাননী লাহৰীঘাট আৰক্ষী থানাত দাখিল কৰে।

You might also like