নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি জীয়াধলৰ ৫০ কোটি টকীয়া মঠাউৰি নিৰ্মাণত চলিছে  চূড়ান্ত দুৰ্নীতি

 ৰাইজক অন্ধকাৰত ৰাখি উন্নত প্ৰযুক্তিৰ নামত জলসম্পদৰ বিষয়া-ঠিকাদাৰ গোষ্ঠীৰ লুণ্ঠনৰ ফন্দি

নিয়মীয়া বাৰ্তা, ১৩ মেঃ  ধেমাজিৰ চকুলোখ্যাত জীয়াধল নদীৰ স্হায়ী নিয়ন্ত্ৰণৰ জৰিয়তে জীয়াধনৰ বান সমস্যা সমাধানৰ বাবে বানমুক্ত অসম গঢ়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেত্বাধীন বিজেপি চৰকাৰে জীয়াধল দিহিৰি-কেকুৰীৰ উন্মুক্ত মঠাউৰি অংশ উন্নত প্ৰযুক্তিবিদ্যাৰে নিৰ্মাণৰ বাবে গ্ৰহণ কৰা প্ৰায় ৫০ কোটিটকীয়া আঁচনিত চলিছে চূড়ান্ত দুৰ্নীতি ৷ ৰাইজক অন্ধকাৰত ৰাখি উন্নত প্ৰযুক্তিৰ নামত বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানে জলসম্পদৰ বিষয়াৰে মিলি পাতিছে লুন্ঠনৰ ফন্দি ৷ ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ অহৰহ প্ৰচেষ্টাত জলসম্পদ  মন্ত্ৰী পিযুষ হাজৰিকাই কেইবাবাৰো কৰা পৰিদৰ্শনৰ পাচত  বিভাগটোৱে আৰম্ভ কৰা জীয়াধল মঠাউৰি নিৰ্মাণত ঠিকাদাৰী প্ৰতিষ্ঠানে অতি লেহেমীয়া গতিৰে মঠাউৰি নিৰ্মাণ অব্যাহত ৰখিছে ৷
তদুপৰি উন্নত প্ৰযুক্তিৰ নামত ৰহস্যজনকভাবে বালিৰ মঠাউৰি নিৰ্মাণ কৰিছে বুলি স্হানীয় ৰাইজে অভিযোগ উল্থাপন কৰিছে ৷ মঠাউৰি নিৰ্মানৰ ব্যৱহাৰ কৰা,  দেখাত জিঅ’ মেট আৰু জিঅ’ বেগ সমূহ কিমান ডাঠ অথবা জিএছএমৰ তাৰো কোনো নিশ্চয়তা নাই ৷ কেৱল জিঅ’ বেগত জীয়াধলৰ বালি ভৰাই বালিৰ মঠাউৰি নিৰ্মাণৰ নামত জলসম্পদ বিভাগটোৰ বিষয়াৰে অবৈধ মিতিৰালিৰে বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানে ৬ কিলোমিটাৰ জীয়াধল  মঠাউৰি নিৰ্মাণত প্ৰায় ৫০ কোটি টকাৰ সিংহভাগ ধন আত্মসাৎ কৰা পৰিকল্পনাত নামি পৰিছে ৷ অতি লেহেমিয়া গতিৰে  নূন্যতম পৰিমানৰ কাম কৰিয়েই বাৰিষা জীয়াধল নদীৰ বাঢ়নী পানীয়ে উটোৱাই নষ্ট কৰা বুলি চৰকাৰৰ ওচৰত তথ্য দাখিল কৰি কোটি কোটি টকা আত্মসাৎ কৰা অভিসন্ধি কৰা বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে ৷ এনে পৰিস্থিতিত ধেমাজিৰ স্হানীয় বিধায়ক তথা মন্ত্ৰী ডা° ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে জলসম্পদ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ৰাইজে দাবী কৰি জলসম্পদৰ বিষয়া আৰু ঠিকাদাৰী বহিৰাগত প্ৰতিষ্ঠানৰ লুণ্ঠণ ৰোধৰ বাবে আহ্বান জনাইছে ৷
You might also like