নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ “৪৭৬ তম্ আভিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ১৩ মেঃ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ একান্ত প্ৰিয় শিষ্য শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ “৪৭৬ তম্ আভিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ, ভাগি শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ উদ্যোগত মাজুলীবাসীৰ সহযোগত”কমলাকান্ত আতা ক্ষেত্ৰ”উত্তৰ কমলাবাৰী সত্ৰত অহা ইংৰাজী ৮,৯ আৰু ১০ জুন, ২০২২ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  ব্যাপক আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ উপলক্ষে কালি উত্তৰ কমলাবাৰী সত্ৰৰ”কমলাকান্ত আতা ক্ষেত্ৰ”ত লাইখুটা স্থাপন কৰা হয়।ডবা,কাঁহ শংখৰ ধ্বনি, গায়ন বায়ন, আয়তিৰ উৰুলি,মিছিং জনগোষ্ঠীৰ বিহু নৃত্য,বৈদিক পৰম্পৰাৰে লাইখুটা স্থাপন কৰা হয়।পদ্মশ্ৰী গোপীৰাম বুঢ়াভকতে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা লাইখুটা স্থাপন অনুষ্ঠানটিত শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ কাৰ্যকৰী সভাপতি সোনাৰাম শৰ্মা বুঢ়াভকত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী,নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বুঢ়াভকত, মাজুলীৰ বিধায়ক ভুৱন গাম,মাজুলী মহাবিদ্যালয় অধ্যক্ষ ডo দেৱজিৎ শইকীয়া,আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৰুণা বৰা,শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ “৪৭৬ তম্ আভিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ -২০২২ৰ উদযাপন  সমিতিৰ মুখ্য সম্পাদক তীৰ্থ ভূঞা বৰগায়নকে আদি কৰি সত্ৰৰ বৈষ্ণৱ স্থনীয়া ৰাইজ উপস্থিত থাকে।অনুষ্ঠান ভাগি সকলো প্ৰকাৰে সফল কৰাৰ ক্ষেত্ৰত তিনিও দিনৰ কাৰ্যসূচী ৰাইজৰ সহযোগিতা কামনা কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ লগতে উদযাপন সমিতিয়ে। ইয়াৰ পিছত মাজুলী সমষ্টিৰ বিধায়ক ভূবন গামে আনুষ্ঠানিক ভাৱে উৎসৰ মূখ্য কাৰ্যালয় মুকলি কৰে। আজিৰ পৰা উৎসৱৰ প্ৰস্তুতি কাম কাজ ৰোগ শুভাৰম্ভ ঘটে। উৎসৱৰ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতি গ্ৰন্থৰ কাম বহু খিনি আগবাঢ়ি ছে বুলি সম্পাদক কৰুণাবৰাই সদৰি কৰে।
You might also like