নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত উলহ-মালহেৰে মাধবদেবৰ জয়ন্তী উৎসৱ উদযাপন

নিয়মীয়া বাৰ্তা, ১৭ মে’::সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো মহাপুৰুষ শ্ৰীমন্ত মাধবদেবৰ ৫৩৩ সংখ্যক জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয়।জিলা খনৰ বিভিন্ন সত্ৰ, নামঘৰ,শিক্ষানুষ্ঠান আদিত মাধবদেবৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয়।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা।শাখাৰ উদ্যোগত জিলা নামঘৰত মাধবদেবৰ জয়ন্তী উৎসৱ পালন কৰা হয়।পুৱা প্ৰাত:প্ৰসংগ,পৰিবেশ নিকাকৰণৰ পিছত ঘোষা পাঠ কৰা হয়। দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়।সংঘৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত প্ৰতিখন প্ৰাথমিক শাখাই নিজৰ নিজৰ নামঘৰত মাধবদেবৰ জয়ন্তী উৎসৱ পালন কৰে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নামধৰ্ম সমাজ, অসমৰ নগাঁও আৰু কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত মাধব জয়ন্তী উদযাপন কৰা হয়।জিলা খনৰ সত্ৰ,নামঘৰ সমুহ মাধব জয়ন্তী উপলক্ষে ভকত বৈষ্ণৱ,আয়তীৰ নাম, খোল,তাল,নেগেৰা, ডবাৰ শব্দত ৰজনজনাই উঠে।জিলা খনত সৃষ্টি হয় এক আধ্যাত্মিক পৰিবেশ।পুৱাৰ পৰাই সত্ৰ ,নামঘৰ সমুহলৈ ভক্তপ্ৰাণ ৰাইজৰ আগমণ ঘটি উদূলি মুদুল পৰিবেশৰ সৃষ্টি কৰে।জিলা খনৰ কলিয়াবৰ, চামগুৰি,পুৰণিগুদাম,উৰিয়াগাওঁ,নগাঁও চহৰ,ৰহা,বৃহত্তৰ হাতীচুং মৌজা,বটদ্ৰৱা, ধিং ,দক্ষিণপাট,কঠিয়াতলি,ননৈ, পাঠৰি,দেওধৰ,বঢ়মপুব,চাপানলা,জূৰীয়া ৰূপহী ৰাইদঙিয়া আদি অঞ্চলতো মাধৱ জয়ন্তী পালন কৰা হয়‌।

You might also like