নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত তীৰৰ টিকট সহ তিনিজন ব্যৱসায়ীক গ্ৰেপ্তাৰ 

নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: নগাঁও আৰক্ষীয়ে আজি পুৱা অভিযান চলাই এটা তীৰৰ ঘাটি উৎখাট কৰাৰ লগতে তিনিজন তীৰৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সহযোগত যোৱা আৰক্ষীৰ দলে অভিযান চলাই হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত গৈৰ মাৰিৰ পৰা আব্দুল কাদিৰ ,আব্দুল ৰহমান ,আৰু নাৰমাৰীৰ পৰা ছাদিকুল ইছলাম নামৰ তিনিজন তীৰৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে চৈধ্য বাণ্দোল তীৰৰ টিকট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে এই ব্যৱসায়ী কেইজনৰ হাতৰ পৰা ৩২ হাজাৰ বিশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ৷আৰক্ষীয়ে তিনিজন ব্যক্তিক আদালতলৈ প্ৰেৰন কৰে৷আদালতে তিনিওকে কাৰাগাৰলৈ নিক্ষেপ কৰে৷

ধৃত তীৰ ব্যৱসায়ী কেইজনে দীৰ্ঘদিন ধৰি নাৰমাৰী গৰৈমাৰী আদি অঞ্চলত তীৰৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ সমগ্ৰ নগাঁও জিলাত একাংশ লোকে তীৰৰ ব্যৱসায় চলাই আহিছে ৷ জিলা খনৰ নগাঁও চহৰৰ বৰবজাৰ ,হয়বৰগাঁও, ধিংগেট ,মৰিকলং,কামপুৰ ,কঠীয়াতলি ,কলিয়াবৰৰ নলতলি,শিলঘাট,জখলাবন্ধা, চাপৰমুখ,ধিং কে ধৰি বিভিন্ন স্হানত তীৰৰ ৰমৰমীয়া ব্যৱসায় চলি আছে ৷ তীৰ খেল খেলি বহু লোক সৰ্বস্বান্ত হৈছে ।

You might also like