নগাঁৱত নকল সোণৰ নাওসহ এজন গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ নগাঁৱৰ আৰক্ষীয়ে আজি পুৱা অভিযান চলাই নকল সোণৰ নাওঁ সহ এজন ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এক গোপন সূত্ৰৰ পম খেদি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰিত অভিযান চলাই এই সফলতা লাভ কৰে।আৰক্ষীয়ে অভিযানৰ সময়ত ১৮ খন নকল সোণৰ নাওঁ আৰু ওবেদ আলি (২৫) নামৰ এজন নকল সোণৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ব্যৱসায়ী জনৰ ঘৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ২নং সোণাপুৰত।
আৰক্ষী সূত্ৰই জনোৱা মতে ওবেদ আলিয়ে বিহপুৰীয়াৰ পৰা আহি নগাঁৱৰ কাটিমাৰিত বাহৰ পাতি নকল সোণৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। নগাঁৱকে ধৰি বিভিন্ন স্থানৰ কিছু লোকক প্ৰলোভনেৰে কাটিমাৰিলৈ মাটি আনি প্ৰকৃত সোণ বুলি এই ব্যৱসায় চলাই আহিছে।গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই এই ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰে। উল্লেখ যে ইয়াৰ পূৰ্বেও নগাঁও আৰক্ষীয়ে নকল সোণৰ বিভিন্ন সামগ্ৰী জব্দ কৰাৰ লগতে বহকেইজন নকল সোণৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰ কৰা সকলৰ অধিকাংশই লক্ষীমপুৰ জিলাৰ।