নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মহিলা সহ ৭ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ  

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজিও নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ কেবাস্থানত অভিযান চলাই মহিলা সহ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আজি দিনৰ ভাগত চহৰখনৰ নিউ আমোলাপট্টি , পানীগাও আৰু চহৰখনৰ সমীপৰ, ডিফলু , তেলীয়াগাৱত অভিযান চলাই বুজন পৰিমানৰ হিৰইন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোক কেইজন হল তেলীয়াগাৱৰ সীমা বৰা, নিউ আমোলাপট্টিৰ পিংকী বৰা, পানীগাৱৰ বিকাশ সিং , ৰাজু সিনহা , ৰমেন গগৈ , ডিফলুৰ মানস কলিতা , অবিনাশ কলিতা।উল্লেখ যে এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি নগাঁও চহৰত ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছিল । আৰক্ষীয়ে জব্দ কৰা হিৰইনখিনিৰ মূল্য কেবা লাখ টকা হব ।

You might also like