নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰো ভাৰতত অনিশ্চয়তাত আই পি এল

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ দেশত শেহতীয়াকৈ পুনৰ বৃদ্ধি পোৱা ক’ভিড সংক্রমণে চিন্তাত পেলাইছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক৷ কিয়নো চলিত বছৰটোত ভাৰতৰ মাটিত বি চি চি আয়ে কেইবাখনো গুৰুত্বপূর্ণ শৃংখলা আয়োজন কৰাৰ কথা আছে৷ একেদৰে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলক লৈ পুনৰ এবাৰ অনিশ্চয়তা বিৰাজ কৰিছে৷ এই পর্যন্ত আনুষ্ঠানিকভাৱে দিন ঘোষণা হোৱা নাই যদিও ২০২২ৰ আই পি এল এপ্রিলৰ প্রথম সপ্তাহৰ পৰা আৰম্ভ হোৱাটো একপ্রকাৰ নিশ্চিত৷ কিন্তু দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতিয়ে বি চি চি আইৰ সকলো পৰিকল্পনাত আউল লগাইছে৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে ২০২০ৰ আই পি এল সম্পূর্ণৰূপে ইউ এ ইত অনুষ্ঠিত হৈছিল৷ ২০২১ৰ আৰম্ভণিতে ক’ভিডৰ প্রাদুর্ভাৱ কিছু হ্রাস হোৱাত ব’র্ডে প্রতিযোগিতাখন ভাৰতত দর্শক অবিহনে আয়োজন কৰে যদিও ক’ভিডৰ সংক্রমণ পুনৰ বৃদ্ধি পোৱাত আই পি এল আধাতে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ ব’ডৰ এক শীর্ষ সূত্রই আজি প্রকাশ কৰা অনুসৰি এইবাৰ আই পি এল ঘৰৰ মাটিত আয়োজন কৰিবলৈ বি চি চি আয়ে পৰিকল্পনা যুগুত কৰিছে যদিও পৰিস্থিতি অনুসৰি শেষ মুহূর্তত প্রতিযোগিতাখন বিদেশলৈ স্থানান্তৰিত হ’ব পাৰে৷ উল্লেখ্য যে ক’ভিডৰ শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে ইতিমধ্যে ৰঞ্জি ট্রফী অনির্দিষ্ট কাললৈ পিছুৱাই দিছে৷

You might also like