নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত লোকনৃত্যৰ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীয়া মন্ত্ৰনালয়ৰ অধীনত নগাঁৱৰ নেহৰু যুব কেন্দ্ৰ আৰু জ্যোতি একাডেমীৰ যৌথ ব্যৱস্থাপনাত নগাঁৱৰ আৰ্ট ভিলেজত আয়োজিত হয় লোক সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান। শিশুবন্ধু দুলাল বৰাই এগছী বন্তি প্রজ্জ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। নেহৰু যুৱ কেন্দ্ৰৰ সমন্বয়ৰ‌‌ক্ষী বিষয়া প্ৰমথেশ চক্ৰৱর্ত্তী, বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক তথা আনন্দৰাম ঢেকিয়াল মহাবিদ্যালয়ৰ প্ৰবক্তা সদানন্দ পায়েং, নৃত্য শিল্পী উর্মিলা শইকীয়া, সংগীত শিল্পী গৌৰি মহন্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানৰ আগধৰে শিল্পী সুজিত দাসে। তিৱা, বৰো, ঝুমুৰ, চাওঁতালি, বিহু, হাজং, মহাৰাষ্ট্ৰৰ লোকনৃত্য লগতে গোৱালপৰীয়া, কামৰূপী লোকগীত আদি পৰিবেশন কৰা হয়। আৰ্ট ভিলেজৰ সচিব তথা বিশিষ্ট পুথিচিত্ৰ শিল্পী সুজিত দাসে কয় যে লোকসংস্কৃতি হৈছে আমাৰ সমাজৰ শিপাডাল আৰু লোককৃষ্টিৰ এই সহজ সৰল প্ৰবৃত্তিয়ে বিশ্ববাসীৰ আগত আমাক মৰ্যাদা প্ৰদান কৰিব। অনুষ্ঠানত জ্যোতি একাডেমিৰ সাংস্কৃতিক সম্পাদক মানৱ জ্যোতি বৰা, যুটীয়া সম্পাদক পাপু মজুমদাৰ, নৃত্য পৰিচালিকা মাম্পি সাহা, একাডেমিৰ গাননিক বিষয়া ৰঞ্জিত দত্তই বিশিষ্ট অতি়থি সকলক অসমৰ জনজাতীয় সাজপাৰেৰে সম্বৰ্ধনা জনায়। লোকনৃত্য প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিহাৰীকা পাল, ইশিকা দাস, ধান্যা দাস, লগতে নিচুকনি বঁটা লাভ কৰে প্ৰিয়াক্ষী শইকীয়া আৰু দেৱীনা হাজৰিকা। লোকসংগীতত প্ৰথম স্থান লাভ কৰে গীতিকা গায়ন আৰু দ্বিতীয় স্থান লাভ কৰে অনুপ্ৰজ্ঞা বৰাই। কডিভ নিয়মনীতি মানি উক্ত অনুষ্ঠানটিৰ সফল সামৰনি ঘটে।

You might also like