নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ ক্রিকেটৰ নিয়ম সলনিঃ মন্থৰ বলিঙৰ বাবে তাৎক্ষণিক শাস্তি

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ক্রিকেটৰ সবাতোকৈ জনপ্রিয় সংস্কৰণ টি–২০ক অধিক গতিসম্পন্ন আৰু আকর্ষণীয় কৰাৰ লক্ষ্যৰে আই চি চিয়ে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে আজি সদৰী কৰা অনুসৰি টি–২০ ক্রিকেটত মন্থৰ বলিঙৰ বাবে এতিয়াৰে পৰা ফিল্ডিং কৰি থকা দলটোৱে তাৎক্ষণিকভাৱে শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ ইনিংছৰ অন্তিমটো অভাৰৰ প্রথমটো বল নির্ধাৰিত সময় অনুসৰি নিক্ষেপ কৰিব নোৱাৰিলে ফিল্ডিং কৰি থকা দলটোৱে ৩০ গজৰ বাহিৰত এজন ফিল্ডাৰ কমকৈ ৰাখিব লাগিব৷ উল্লেখ্য যে মন্থৰ বলিঙৰ সাধাৰণতে অধিনায়ক আৰু খেলুৱৈসকলৰ মেচ ফী কর্তন কৰা হয়৷ কিন্তু আই চি চিয়ে এতিয়াৰে পৰা মন্থৰ বলিঙক গুৰুতৰ অভিযোগ হিচাপে গণ্য কৰি নতুন নিয়ম লাগু কৰিছে৷ অহা ১৬ জানুৱাৰীত জামাইকাৰ ছাবিনা পার্কত ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া একমাত্র টি–২০ মেচখনত আই চি চিৰ এই নতুন নিয়ম প্রযোজ্য হ’ব৷

You might also like