নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰুক্মিণী হৰণ ভাওনাই  মুহিলে দৰ্শকক

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ  নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যোৱা নিশা প্ৰদৰ্শিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা ‘ ৰুক্মিণী হৰণ ‘। নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ পৃষ্ঠপোষকতাত বটদ্ৰবাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সহযোগত আঙ্গিক নগাঁৱে পৰিবেশন কৰে ‘ৰুক্মিণী হৰণ ‘অংকীয়া ভাওনা।বৰদোৱা থুলৰ  সমলৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত  ‘ৰুক্মিণী হৰণ ‘ভাওনা প্ৰদৰ্শন কৰা হয়।ভাওনা উদ্ধোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।ভাষণত গোস্বামীয়ে  গুৰু জনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰীকৃষ্ণৰ সাহসিকতা আৰু বীৰত্বৰ কাহিনীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট সমূহৰ ভিতৰত ৰুক্মিণী হৰণ নাটখনি অন্যতম। কুণ্ডিলৰাজ ভীষ্মকৰ একান্ত ইচ্ছাক নস্যাৎ কৰি পুত্ৰ ৰুক্মবীৰে ভগ্নী ৰুক্মিণীক ছেদিৰাজ শিশু পাললৈ বিয়া দিয়াৰ অংগীকাৰ কৰিলে।আনহাতে কৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেম বিৰহৰ মাজতে ৰুক্মিণীয়ে এদিন পৰম মিত্ৰ বেদনিধিৰ হাতত কৃষ্ণ লৈ এখন পত্ৰ প্ৰেৰণ কৰিলে।বিশ্বস্ত পত্ৰ পাই কৃষ্ণ দাৰকাৰ পৰা কুণ্ডিল নগৰলৈ আহি শিশুপাল,জৰাসন্ধ প্ৰমূখ্যে বীৰ যোদ্ধা সকলক পৰাস্ত কৰি, ৰুক্মবীৰক শাস্তি প্ৰদান কৰি ৰুক্মিণীক কেনেদৰে হৰণ কৰি দ্বাৰকালৈ নিলে তাৰেই বৰ্ণনা নাটক খনিত পোৱা যায়। আঙ্গিক নগাঁৱে নগঞা ৰাইজক এখন সুন্দৰ অংকীয়া নাট উপহাৰ দিলে।গায়ন বায়নৰ পৰা আৰম্ভ কৰি সুত্ৰধাৰ,প্ৰতি গৰাকী অভিনেতা ,অভিনেত্ৰীৰ অভিনয়ে সকলোকে মোহিত কৰে।অনুষ্ঠানত শ্ৰী নৰোৱা।সত্ৰৰ সত্ৰাধিকাক্ৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰবা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক দ্বয় ব্ৰজেন কাকতি ইন্দ্ৰ মোহন বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,নগাৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুম্বাং সহ বহু বিশিষ্ট লোকে নাটখন উপভোগ কৰে।
You might also like