নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত আয়ুষ্মান ভাৰত-অটল অমৃত কাৰ্ড বনোৱাৰ নামত প্ৰৱঞ্চনা কৰা যুৱকক আটক

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : ৰঙিয়াত আটক প্ৰৱঞ্চক । ৰোগীক আয়ুষ্মান ভাৰত আৰু অটল অমৃত কাৰ্ড বনোৱাৰ নামত প্ৰৱঞ্চনা কৰা যুৱকক ৰঙিয়াৰ এখন ব‍্যক্তিগত হস্পিতালৰ পৰা আটক । ধৃত প্ৰৱঞ্চক জন হৈছে নলবাৰীৰ নিজ পকোৱা গাৱঁৰ ৰঞ্জন দত্ত । এই প্ৰৱঞ্চক জনে দীৰ্ঘ দিন ধৰি ৰঙিয়াৰ ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয় স্বস্তি হস্পিতলত ৰোগীৰ নামত আয়ুষ্মান ভাৰত আৰু অটল অমৃত কাৰ্ড বনাই দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি আহিছিল । এই সন্দৰ্ভত একাংশ ৰোগীৰ আত্মীয়ই হস্পিতল কৰ্তৃপক্ষক অভিযোগ দিয়ে । লগে লগে হস্পিতল কৰ্তৃপক্ষই চিচিটিভি ফুটেজ প্ৰত‍্যক্ষ কৰি নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰে। শুক্ৰবাৰে পুনৰ এই প্ৰৱঞ্চক জনে এগৰাকী ৰোগীৰ আত্মীয়ক আয়ুষ্মান ভাৰতৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহৰ বাবে চেষ্টা চলায়। এনে সময়তে হস্পিতল খনৰ কৰ্মচাৰীয়ে চিচিটিভি ফুটেজৰ আধাৰত প্ৰৱঞ্চক জনক চিনাক্ত কৰিবলৈ সক্ষম হয় । লগে লগে হস্পিতলৰ কৰ্মচাৰীয়ে প্ৰৱঞ্চক জনক আৱদ্ধ কৰি সোধা-পোছা কৰাত যুৱকজনে প্ৰৱঞ্চনাৰে ৰোগীৰ আত্মীয়ৰ পৰা ধন সংগ্ৰহৰ কথা স্বীকাৰ কৰে । তাৰপিছত একাংশ লোকে লপা-থপা দি প্ৰৱঞ্চক ৰঞ্জন দত্তক আৰক্ষীৰ হাতত গতাই দিয়ে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like