নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাৱঁত বুজন পৰিমাণৰ নিছাযুক্ত ঔষধ জব্দ

নিয়মীয়া বার্তা,২৬ জুলাই : নগাঁও নগৰ আৰক্ষীয়ে আজি দুপৰীয়াৰ নগাঁও চহৰৰ সমীপৰ চকিটুপ হাজী পাৰৰ পৰা বুজন পৰিমাণৰ নিছাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, আজি দুপৰীয়া এজন যুৱকে স্কুটিত বৃহৎ পৰিমানৰ নিছাযুক্ত সামগ্ৰীখিনি লৈ চকিটুপ হাজীপাৰা, বিষ্ণুমন্দিৰ অঞ্চলত অহাযোৱা কৰি থকা অৱস্থাত স্থানীয় ৰাইজে সন্দেহ বশতঃ যুৱক জনক ৰখাই সোধ-পোছ কৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। পাছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে যদিওঁ আৰক্ষী গৈ ঘটনাস্থলীত পোৱাৰ আগতে যুৱকজন ৰাইজৰ মাজৰ পৰা কৌশলেৰে পলায়ন কৰে।

অবশ্যে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে প্ৰায় ৩০০ নিছাযুক্ত ঔষধৰ বটল আৰু যুৱকজনে ব্যৱহাৰ কৰা এ এছ ০২ টি ৯৫২৯ নম্বৰৰ স্কুটিখন জব্দঃ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পলায়ন কৰা যুৱক জনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

You might also like