নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত শিলাবৃষ্টি-ধুমুহাৰ তাণ্ডৱ: বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: দীঘলীয়া খৰৰ অন্তত মঙ্গলবাৰৰ নিশাৰ ভাগত অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতিসাধন হয় বৃহত্তৰ নগৰবেৰা আৰু প্ৰতিবেশী ভিন্নস্থানত | কৃষকৰ পথাৰৰ ধান ,বিলাহী ,মাকৈ আৰু বিভিন্ন পাচলিৰ শিলাবৃষ্টিৰ ফলত অতি বেয়াকৈ ক্ষতিসাধন হয় |অতিমাত্ৰা বৰষুণৰ ফলত দ ঠাই সমূহ বাতৰি যুগুতোৱা পৰলৈ জলমগ্ন হৈয়েই আছে | একেদৰে নগৰবেৰা ৰাজহ চক্ৰৰ হেক্ৰা গাঁৱৰ বিকাশ কলিতা নামৰ যুৱ ব্যৱসায়ী এজনৰ ব্যৱসায়িক ভিত্তিত কৰা বৃহদাকাৰৰ ব্ৰয়লাৰ ফাৰ্ম এখন ধুমুহাত ভাঙি চুৰ্ণবিচুৰ্ণ হোৱাত ফাৰ্মখনৰ যঠেষ্ট ক্ষতিসাধন হয়

 

 প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

You might also like