নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ বদলা ৰাঙ্গাপানী বজাৰত উত্তপ্ত পৰিস্থিতি, ৰাইজ-আৰক্ষীৰ হতাহতি

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ: নগৰবেৰাৰ বদলা-ৰাঙ্গাপানী বজাৰত আজি দুপৰীয়া আৰক্ষী আৰু একাংশ ৰাইজৰ মাজত সংঘটিত এক হতাহতি কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য বিয়পায় অঞ্চলটোত | জানিব পৰা মতে আৰক্ষীয়ে এজাহাৰ থকা বুলি ক’ই বদলা-ৰাঙ্গাপানীৰ মুন্নাফ আলী নামৰ এজনৰ ঘৰত উপস্থিত হৈ বলপূৰ্বক সোনতলী আৰক্ষী চকীলৈ নিব খোজে |আনহাতে কিহৰ বাবে এইদৰে লোকজনক নিব ওলাইছে, সেই কথা জানিব বিচৰাত একাংশৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হয় আৰক্ষীৰ দল |তাকে লৈ এফালে খাকী পোচাকধাৰী আনফালে উত্তেজিত একাংশ ,মুহুৰ্ততে ৰণাঙ্গনলৈ পৰিণত হয় বদলা-ৰাঙ্গাপানী বজাৰ অঞ্চল ,এই মাৰপিটত মহিলা সহ কেবাজনকৈ লোক আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। অৱশেষত ৰাইজৰ ৰূদ্ৰৰূপ দেখি অভিযুক্তক এৰি অহাবাটেই উভতি যাবলগীয়া হয় আৰক্ষীৰ দলটি।

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

You might also like