নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ননৈয়ে ভাবুকি কঢ়িয়াইছে কিৰিংবৰীবাসালৈ :ৰঙা ফিটাৰ মেৰপেচত ১.৫৮কোটি টকাৰ  আঁচনি

নিয়মীয়া বাৰ্তা ১৪মে: ক’ৰোনা মহামাৰীয়ে সকলোকে ত্ৰাসিত কৰি ৰখাৰ সময়তে ছিপাঝাৰৰ কিৰিংবৰীত স্হানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে খহনীয়াই।বিশেষকৈ বিগত দুটা দিত ননৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাত ৰাইজ আতংকিত হৈ পৰিছে।

উল্লেখ্য যে বাৰিষা নৌ পৰোতেই নৈখনৰ খহনীয়াই এনে ভয়াবহ আগ্ৰাসী ৰূপ লোৱাত এতিয়া গাও বাসীৰ প্ৰতি আহি পৰিছে তীব্ৰ ভাবুকি।উল্লেখযোগ্য কিৰিং বৰী বাসী ৰাইজৰ বাবে খহনীয়াৰ এই দূৰ্যোগ দীৰ্ঘদিনীয়া।অৱশ্যে বিগত বছৰত এই খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছিল।

খৰস্ৰোতা হিচাপে পৰিচিত ননৈয়ে ৰাইজক আতংকিত কৰাত বিগত বছৰত তাৎক্ষণিকভাৱে স্থানীয় বিধায়ক আৰু সাংসদৰ প্ৰচেষ্টাত দৰং জিলা প্ৰশাসনে সাময়িকভাৱে গৰাখহনীয়া ৰোধৰ কিছু পদক্ষেপ গ্ৰহণ কৰিছিল।বিশেষকৈ গছ-বাহ আদিৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লৈছিল জলসম্পদ বিভাগে ।কিন্তু সেয়াও সময়ত বৃথা হৈ পৰিছিল।আনকি প্ৰায় ১০০মিটাৰ পৰ্যন্ত কৃষি ভুমি এই পৰ্যন্ত নৈৰ বুকুত জাহ গৈ নৈ খন ক্ৰমাৎ জনবসতি পূৰ্ণ এলেকাৰ দিশলৈ গতি কৰিছে।এইবেলিও চপৰা-চপৰিকৈ বহু কৃষিভূমি গৰখনীয়াৰ কবলত পৰি কিৰিংবৰী গাঁৱৰ পৰা মাত্ৰ ৩০০ মিটাৰ মান নিলগত অৱস্থান কৰিছেহি নৈখনে।যিটো কথা আটাইতকৈ শংকাৰ কাৰণ হৈ পৰিছে কিৰিংবড়ী বাসীৰ বাবে।

ইফালে স্হানীয় ৰাইজ প্ৰকাশ কৰা মতে বিগত বছৰত ননৈৰ উক্ত অংশৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে তদানীন্তন বিধায়কৰ প্ৰচেষ্টাত এচ ডি আৰ এফ আঁচনিৰ অধীনত মুঠ ১.৫৮ কোটি টকাৰ প্ৰাক্ কলন প্ৰস্তুত কৰি জলসম্পদ বিভাগলৈ প্ৰেৰণ কৰা হৈছিল যদিও ফাইলৰ ৰঙা ফিটাতে বন্দী হৈ ৰল এই আচনিও।এনে পৰিপ্ৰেক্ষিতত এইবেলি পুনৰ বাৰিষাৰ আগমনৰ লগে লগে শংকিত হৈছে কিৰিংবৰীবাসী ৰাইজ।শীঘ্ৰে এই গৰাখনীয়াৰ সমস্যাৰ স্থায়ী সমাধান নহলে যে কৃষি ভূমিয়েই নহয় ঘৰ-বাৰীও নৈৰ বুকুত জাহ যাব সেয়া নিশ্চিত হৈ পৰিছে। সেয়ে ৰাইজে তাৎকালীন পদক্ষেপৰ বাবে দৰঙৰ উপায়ুক্ত,সমষ্টি টোৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগলৈ আহ্বান জনাইছে।

You might also like