নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাৰ কঁঠালপুখুৰী ৰে’ল ষ্টেচনৰ শ শ বিঘা মাটি বেদখলঃ বেদখলকাৰীয়ে পুখুৰী খান্দি দখল কৰিছে ষ্টেচনৰ ভূমি

ৰেলৱৈ শীৰ্ষ বিষয়াৰ দেখিও নেদেখাৰ ভাও

নিয়সমীয়া বার্তা, ২২এপ্ৰিল: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ চৰকাৰী ভূমি অথবা ৰেলৱে ভূমি দখল কৰা বেদখলকাৰী বিৰুদ্ধে চৰকাৰে যি দৰে উচ্ছেদ অভিযান চলাইছে, ঠিক সেইদৰে লখিমপুৰ জিলাত চৰকাৰী ভূমি অথবা ৰেলৱে ভূমি দখল কৰা বেদখলকাৰীক উচ্ছেদ নকৰাৰ ফলত  দুগুণ উৎসাহেৰে এতিয়া চৰকাৰী ভূমি দখল কৰাত নামি পৰিছে।

শেহতীয়াকৈ জিলাখনৰ নাওবৈচাৰ অন্যতম কঁঠালপুখুৰী ৰেল ষ্টেচনৰ শ শ বিঘা ভূমি দখল কৰাত ষ্টেচনটোলৈ ভাবুকি কঢ়িয়াই অনাই নহয় ভয়ানক দুৰ্ঘটনাৰ সংঘটিত হোৱা আশংকা কৰিছে সচেতন ব্যক্তিয়ে।

উল্লেখযোগ্য যে উত্তৰ অসমৰ ভিতৰতে অন্যতম এটা বৃহৎ ৰেল ষ্টেচন কঁঠালপুখুৰীৰ শ শ বিঘা ভূমিত একাংশই বৃহৎ বৃহৎ আকাৰৰ পুখুৰী খান্দি ষ্টেচনৰ ভূমি দখল কৰি আহিছে যদিও এতিয়ালৈকে ৰেলৱে শীৰ্ষ বিষয়াই এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই। অভিযোগ অনুসৰি কঁঠালপুখুৰীৰ গাঁৱৰ মাৰ্টিন বিশ্বাসকে আদি কৰি বহু ব্যক্তিয়ে ষ্টেচনৰ শ শ বিঘা ভূমিত বৃহৎ আকাৰৰ পুখুৰী খান্দি বেদখল কৰাৰ লগতে ৰেলৱে ষ্টেচনৰ ভূমিত গছ গছনি ৰোপনকে ধৰি তামোল বাৰী পাতি বেদখল কৰি আহিছে।

তাৰোপৰি একাংশই ৰেলৱে ভূমিত গুদাম দোকান ঘৰ নিৰ্মানেৰে ভাড়া দি বুজন অংকৰ ধন লৈ আহিছে বুলিও ৰাইজে অভিযোগ কৰিছে। ৰাইজে অভিযোগ কৰামতে লখিমপুৰ ৰেল ষ্টেচনৰ এজন কৰ্মচাৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা কঁঠালপুখুৰীৰ শ শ বিঘা ভূমি বেদখলকাৰীয়ে দখলত নামি পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে।

অতি ভয়ঙ্কৰ কথা যে বেদখলকাৰীয়ে ষ্টেচনটোৰ সমীপত একেবাৰে ৰেল লাইনৰ কাষতে বৃহৎ আকাৰৰ পুখুৰী খন্দাত যিকোনো মুহূৰ্তত ৰেল লাইনটো খহি ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলিও ৰাইজে আশংকা কৰিছে। এনে স্থলত বেদখলকাৰীয়ে কাৰ সাহসত ৰেলৱে ভূমি দখল কৰাৰ লাইচেন্স পালে তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।

আনহাতে জনঅৰণ্য মাজত ৰেলৱে শ শ ভূমি দখল কৰি অহাৰ পাছতো ৰেল বিভাগৰ শীৰ্ষ বিষয়া তথা কৰ্মচাৰীয়ে নেদেখা ভাও জুৰি থকা কাৰ্যটো ৰহস্যৰ গোন্ধ পাইছে ৰাইজে। এই ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ শীৰ্ষ বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়হে কব।

প্ৰেৰক -নিতুল বৰা

You might also like