নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত আটক ইউক্ৰেইনৰ ২ নাগৰিক; বাংলাদেশী মুদ্ৰা জব্দ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ কৰিমগঞ্জত আটক ইউক্ৰেইনৰ ২ নাগৰিক। বদৰপুৰ ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে আটক কৰে ইউক্ৰেইনৰ নাগৰিক দুজনক। কোনো বৈধ নথি-পত্ৰ নথকাৰ বাবে ৰে’ল আৰক্ষীয়ে আটক কৰে ইউক্ৰেইনৰ নাগৰিক দুজনক। ইউক্ৰেইনৰ পৰা কেনেকৈ ভাৰতত আহি উপস্থিত হ’ল তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে লোকদুজনৰ পৰা বাংলাদেশী মুদ্ৰা জব্দ কৰা হৈছে। যাৰ পৰা অনুমান কৰা হৈছে যে বাংলাদেশ হৈ অসমত প্ৰৱেশ কৰিছিল নাগৰিক দুজনে। অৱশ্যে আৰক্ষীৰ সোধ-পোছৰ পাছতহে সকলো পোহৰলৈ আহিব।

ইপিনে এই সন্দৰ্ভত জিআৰপি বিষয়া দুলন বড়োৱে কয় যে- ইউক্ৰেইনৰ নাগৰিক দুজনে আৰক্ষীৰ সোধা-পোছাত তেওঁলোকৰ পাছপোৰ্ট দিব পৰা নাছিল। তেওঁলোকৰ পৰা বাংলাদেশী মুদ্ৰা আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে দিল্লীস্থিত ইউক্ৰেইনৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিছে।

You might also like