নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব কেবিনেট মিটিং, প্রস্তুতি সম্পূর্ণ

  • মুখ্যমন্ত্রীৰ বাবে নৱ ৰূপত অতিথিশালা নির্মাণ, কঠোৰ নিৰাপত্তা ব্যৱস্থা
  • আজি নিশা উপস্থিত হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: কোকৰাঝাৰত ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক৷ অসম চৰকাৰৰ কেবিনেট বৈঠক উপলক্ষে ইতিমধ্যে বিটিচি আৰু জিলা প্রশাসনে সদৰ চহৰখনক ৰং–তুলিকাৰে আটকধুনীয়াকৈ সজাই–পৰাই তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বৰষুণে বিধি–পথালি দিলেও প্রশাসনে সদৰ চহৰখনক সর্বাংগসুন্দৰ হিচাপে গঢ়ি তুলিবলৈ আপ্রাণ প্রচেষ্টা কৰিছে আৰু ইতিমধ্যে বিটিচি সচিবালয়ৰ মূলদ্বাৰ, অতিথিশালাসমূহ ৰং দি নতুন ৰূপত সজাই– পৰাই তুলিছে৷ অহা ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক উপলক্ষে আজি বিটিচিৰ প্রধান সচিব অনুৰাগ গোৱেলৰ অধ্যক্ষতাত বিটিচি সচিবালয়ৰ প্রেক্ষাগৃহত এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত কোকৰাঝাৰ জিলা উপায়ুক্ত বর্ণালী ডেকা, জিলা আৰক্ষী অধীক্ষক প্রতীক বিজয় থুবে, বিটিচিৰ সচিবসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷ কেবিনেট বৈঠক উপলক্ষে আগমন হ’বলগীয়া মন্ত্রী আৰু চৰকাৰী বিষয়া–কর্মচাৰীসক যাতে থকা, খোৱা–লোৱাকে ধৰি আন কোনো ক্ষেত্রতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পর্যালোচনা বৈঠকতে মুৰব্বী বিষয়াসকলক মন্ত্রীসকলৰ প্রট’কল বিষয়া হিচাপে ডেপুটেচন লৈ অনা হয়৷

ইপিনে কাইলৈৰ ভিতৰত অর্থাৎ ৫ ছেপ্টেম্বৰৰ পৰাই মন্ত্রীসকলে কোকৰাঝাৰত উপস্থিত হ’ব আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও নিশাৰ ভিতৰতে উপস্থিত হ’ব বুলি আশা কৰা হৈছে৷ ইতিমধ্যে চৰাইখোলাৰ সক্ষম বেটেলিয়নৰ ওচৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নৈশ যাপনৰ বাবে নৱ ৰূপত অতিথিশালা নির্মাণ কৰা হৈছে আৰু সেয়াও আজি অন্তিম পৰশ দিয়া হৈছে৷ পূর্বতে পর্যটন বিভাগৰ অতিথিশালাটোকে নৱ ৰূপত সজাই–পৰাই তুলি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি মুখ্যমন্ত্রীৰ বাবে সাজু কৰি তুলিছে প্রশাসনে৷ ইপিনে ৰাস্তা–ঘাটৰ নির্মাণকার্য আজি নিশাও চলি আছে আৰু যুদ্ধকালীন তৎপৰতাৰে প্রশাসনে শেষ পৰশ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷

You might also like