নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰত তিনি গভাইত চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ; লক্ষাধিক টকাৰ সামগ্ৰী জব্দ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ দীৰ্ঘ দিনৰ পৰা ধুবুৰীৰ গৌৰীপুৰ চহৰত চুৰি কাৰ্য সংঘটিত কৰি গৌৰীপুৰ বাসীৰ নিদ্ৰা হৰণ কৰা তিনি গভাইত চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই গৌৰীপুৰ চহৰৰ পৰা তিনিজনকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গভাইত চোৰ তিনিজনক পিছত আছাৰিকান্দীৰ লুৎফৰ ৰহমান মণ্ডল(৪৮), গৌৰীপুৰ ৪ নং ৱাৰ্ডৰ খুকৰাজ ৰবি দাস(২৩) আৰু গৌৰীপুৰ ফুলকুমাৰীৰ মিণ্টু দাস(১৮) বুলি চিনাক্ত কৰা হয়। গৌৰীপুৰ আৰক্ষীয়ে চোৰ তিনিজনৰ পৰা লক্ষাধিক টকাৰ লোৰ সামগ্ৰী, গেছৰ চিলিণ্ডাৰ, মন্দিৰৰ বাচন-বৰ্তনকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে আজি তিনিও জন চোৰকে ধুবুৰী আদালতলৈ প্ৰেৰণ কৰাত আদালতে তিনিওজনকে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

You might also like