নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত অসম আন্দোলনৰ শ্বহীদ ছৰিফউদ্দিন আহমেদৰ আবক্ষ মূৰ্ত্তি উন্মোচন মন্ত্ৰী ৰণজিৎ দাসৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আমি যি কৰিছো জাতি মাটিৰ কাৰণে কৰিছো৷ খিলঞ্জীয়াৰ সুৰক্ষা কৰাই আমাৰ প্ৰধান উদ্দেশ্য৷ তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই যিহকে পায় সেয়াই বলকিছে৷ এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি সন্ধিয়া অসম আন্দোলনৰ শ্বহীদ ছৰিফউদ্দিন আহমেদৰ পাঠশালাৰ ৪ নং ৱাৰ্ডৰ ইছলামপুৰস্থিত বাসগৃহত মন্ত্ৰীগৰাকীয়ে নিজাকৈ নিৰ্মাণ কৰি উলিওৱা আৱক্ষ মুৰ্তি এটি উন্মোচন কৰি সাংবাদিকৰে হোৱা সাক্ষাতত বজালী জিলা বিলুপ্তকৰণ সন্দৰ্ভত পাঠশালাত তৃণমূল কংগ্ৰেছে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ৰিপুন বৰাই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পদত্যাগ কৰাৰ দাবী উত্থাপন কৰাৰ পাছতে এই মন্তব্য কৰি দাসে আৰু কয় যে ৰিপুন বৰা আগতে ভাল আছিল, পিছে এতিয়া বা কি হ’ল। তেওঁ কংগ্ৰেছ কৰিলেও ভাল আছিল, কি তৃণমূল কৰে, তাকো বজালীত। ৰিপুন বৰাই বোধহয় টিভি নাছাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে টিভি চালে তেওঁ গম পালে হয় আমি নিমাতে আছো নে কি কৰি আছো৷ ক’ত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ আৰু ক’ত অসমত তৃণমূল কংগ্ৰেছ, তাকো বজালীত বুলি ৰিপুণ বৰাক তাৎচিল্য কৰি মন্ত্ৰী দাসে কটাক্ষ কৰে৷ উল্লেখযোগ্য যে অসম আন্দোলনৰ শ্বহীদ ছৰিফউদ্দিন আহমেদৰ আৱক্ষ মুৰ্তি উন্মোচন কৰি বজালীৰ সকলো শ্বহীদৰ আবক্ষ মুৰ্তি নিৰ্মাণ কৰা হব বুলি মন্ত্ৰী দাসে মন্তব্য কৰে। নাট্যযোদ্ধা কৃষ্ণ ৰয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত অগপৰ পাটাছাৰকুছি সমষ্টি সমিত্ৰ সভাপতি জিণ্টু চৌধুৰী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ ইপিনে ৰাজ্যৰ অসামৰিক সন্মান “অসম সৌৰভ”ৰ বাবে মনোনীত হোৱা অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম মহীৰূহ কৃষ্ণ ৰয়ত গৃহ মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ তেওঁক অভিনন্দন জনায়৷ ৰয়ক অভিনন্দন জনাই মন্ত্ৰী দাসে কয় যে ১৯৮০ চনত পাঠশালাত আৱাহন থিয়েটাৰ প্ৰতিষ্ঠা কৰি ৰয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বহুখিনি অৱদান আগবঢ়াইছে৷ তেখেতৰ বহুমূলীয়া অৱদানৰ প্ৰতি সন্মান জনাই কালি ৰাজ্য চৰকাৰে তেখেতক ৰাজ্যৰ অসামৰিক সন্মান “অসম সৌৰভ” বঁটাৰ বাবে নিৰ্বাচিত কৰাত মন্ত্ৰীগৰাকীয়ে অতিশয় আনন্দিত আৰু গৌৰৱান্বিত হোৱা বুলি মন্তব্য কৰি পাঠশালাৰ প্ৰতিগৰাকী জনসাধাৰণক সাংস্কৃতিকভাৱে সক্ৰিয় কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা থকা কৃষ্ণ ৰয়ৰ এই নিৰলস প্ৰয়াস আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। অসমীয়া সমাজত সাংস্কৃতিক জগতৰ অন্যতম মাধ্যম নাটকৰ ধাৰা নিৰন্তৰ অব্যাহত ৰখাৰ বাবে কৃষ্ণ ৰয় ডাঙৰীয়াৰ এই যাত্ৰা অব্যাহত থকাৰ কামনা কৰি মন্ত্ৰীগৰাকীয়ে ৰয়ৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱনৰ কামনা কৰে৷

 

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like