নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেতিয়া মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ? অমিত শ্বাহে জনালে তাৰিখ…

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী:  বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাম মন্দিৰৰ সৈতে জড়িত এক বৃহৎ ঘোষণা কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ২০২৪ চনৰ ১ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ সাজু হৈ উঠিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীৰ ‘তাৰিখ নাহি বতায়েংগে’ মন্তব্যৰ প্ৰতিক্ৰিয়া দি ৰাহুল গান্ধীক তুলাধুনা দি এই বৃহৎ ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।

বৰ্তমান উত্তৰ-পূৰ্বৰ ৰাজ্য ত্ৰিপুৰা ভ্ৰমণত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণৰ সময়ত ৰাজ্যখনত এক সভাত ৰাইজক সম্বোধন কৰি অমিত শ্বাহে কয়, “আমাক আৰু পাঁচ বছৰ দিয়ক, আমি ত্ৰিপুৰাক ক্ষুদ্ৰ ৰাজ্যৰ ভিতৰত আটাইতকৈ সমৃদ্ধিশালী কৰিম।”

ইপিনে ত্ৰিপুৰাত কৰা কামৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় যে এয়া কেৱল এটা ট্ৰেইলাৰ হে মাথো, ছবিখন এতিয়াও আহিবলৈ বাকী আছে। তেওঁ কয় যে এই সেউজ এলেকাটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে যদিও আগতে ইয়াত কোনো আন্তঃগাঁথনি নাছিল। তেওঁ কয় যে বিজেপি চৰকাৰে উন্নয়নৰ জৰিয়তে ত্ৰিপুৰাৰ পৰ্যটন ১১গুণ বৃদ্ধি পাইছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই মন্দিৰ নিৰ্মাণৰ কাম চলি আছে।

You might also like