নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী সত্ৰৰ মজিয়াত মাৰ্বল পাথৰ লগোৱাৰ শুমাৰম্ভ বিটিআৰৰ ই এম অৰূপ কুমাৰ দেৰ

নিয়মীয়া বাৰ্তা, ১৯ নবেম্বৰ: ৰাস পূৰ্ণিমা উপলক্ষে বিজনী সত্ৰত চলি থকা উৎসৱৰ শুভ দিনটোত  আজি বিয়লিভাগত  সত্ৰৰ দুটাকৈ অনুষ্ঠানৰ শুভাৰম্ভ আৰু উন্মোচন কৰিবলৈ বিজনীত উপস্থিত হয় বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। সদস্যগৰাকীয়ে সত্ৰত অসম দৰ্শন আঁচনিৰ অধিনত নিৰ্মাণৰত ৰঙিয়াল গৃহৰ মজিয়াত মাৰ্বল পাথৰ লগোৱাৰ শুভাৰম্ভ কৰাৰ লগতে এটা অতিথি শালাৰ উন্মোচন কৰে। ইয়াৰে ৰঙিয়াল গৃহৰ মজিয়াত সদস্যগৰাকীয়ে মাৰ্বল পাথৰ লগোৱাৰ অনুদান আগবঢ়োৱাৰ লগতে বিজনীৰ মনোনীত পাৰিষদ প্ৰদীপ বায়নে MCLA পূজিৰ পৰা অতিথিশালা নিৰ্মাণ কৰি তুলিছিল। আজি ৰাস পূৰ্ণিমাৰ পবিত্ৰ দিনটোতেই বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই উক্ত অনুষ্ঠানত উপস্থিত থাকি উত্তৰ পুৰুষৰ বাবে ধৰ্মীয় অনুষ্ঠান সমূহ জাকত-জিলিকা কৰি তোলাৰ বাবে সত্ৰ, নামঘৰ, মথ-মন্দিৰ আদিক প্ৰাধান্য দিয়াৰ কথা পোষকতা কৰে।

input: বৰ্ণালী তালুকদাৰ 

You might also like