নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰী আৰক্ষী থানাৰ উদ্যোগত মা মহামায়া দেৱালয় ছাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২০,নবেম্বৰ :- পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ঐতিহাসিক মা মহামায়া দেৱালয়ত আজি বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষীৰ কৰ্ম কৰ্তাসকলে লগতে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে স্বচ্ছতা অভিযানৰ যোগেদি সজাই পৰাই তোলে। প্ৰাপ্ত বাতৰি মতে, আজি বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ প্ৰচেষ্টাত বগৰীবাৰী আৰক্ষীৰ কৰ্মকৰ্তাসকল আৰু গাওঁৰক্ষীবাহিনীৰ সহযোগত আজি দিনৰ ভাগত ঐতিহাসিক মা মহামায়া মন্দিৰ চৌহদত থকা আৱৰ্জনাবোৰ হাতে কামেৰে লাগি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে। পিছত মা মহামায়া মন্দিৰত বিভিন্ন চৌহদসমুহ ৰং তুলিকাৰে সজাই পৰাই তোলা। উল্লেখযোগ্য যে, বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত আৰক্ষীৰ এনে সদাব্যস্ততাৰ মাজতে আজিৰ মহামায়া মন্দিৰ সচ্ছতা অভিযান চলোৱা কাৰ্য্যক সচেতন মহলে সলাগ লয়।

————–পাৰ্থ সাৰথি চক্ৰবৰ্তী

You might also like