নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবলৰ ফাইনেলত ৰিয়ান্স ক্লাৱৰ জয়

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : বৰহোলা পূবেৰুণ সংঘৰ উদ্যোগত আৰু তিতাবৰ ক্ৰীড়া সন্থাৰ সহযোগত বৰহোলা বাগান খেলপথাৰত ৩০ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছিল অষ্টম বাৰ্ষিক যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। আজি চূড়ান্ত খেলখন ৰিয়ান্স ক্লাৱ আৰু বৰহোলাৰ পূৱেৰুণ সংঘ ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। সংঘৰ সভাপতি অনন্ত গগৈয়ে আঁত ধৰা আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই উদ্বোধন কৰা ফাইনেল খেলখনৰ আৰম্ভনিতে নিমন্ত্ৰিত অতিথি হিচাপে সমাজকৰ্মী বিবুল হাজৰিকা, ছফিকুল হুক, দেৱানন্দ বৰুৱা, প্ৰৱক্তা অমল সোণোৱাল, সাংবাদিক অজয় শইকীয়া, সমাজকৰ্মী অৰুণ বৰপাত্ৰগোহাঁই, দাতা পৰিয়ালৰ হৈ বিমান বৰুৱা, দেৱজ্যোতি সোণোৱাল আদি উপস্থিত থাকি খেলুৱৈ সকলক সম্ভাষণ জনায়। আজিৰ অতি উত্তেজনাপূৰ্ণ খেলখনত ৰিয়ান্স ক্লাৱে বৰহোলাৰ পূৱেৰুণ সংঘক ৩-০ গ’লত হৰুৱাবলৈ সক্ষম হয়। খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে হৰিপ্ৰসাদ গগৈয়ে। খেল পৰিচালনা কৰে দিপাংকৰ চাংমায়ে আৰু লাইনত সহায় কৰে অৰুণ ঘাটোৱাৰ, ৰমেন উৰাঙে। খেলৰ অন্তত বিজয়ী দল ৰিয়ান্স ক্লাৱক মানপত্ৰ সহ প্ৰাইজমনি প্ৰদান কৰে দাতা পৰিয়ালৰ হৈ বিমান বৰুৱা, দিব্যজ্যোতি সোণোৱালে। খেলখন সুচাৰুৰূপে পৰিচালনা কৰা প্ৰতিগৰাকীলৈ পূৱেৰুণ সংঘৰ সম্পাদক বসন্ত সোণোৱাল, ক্ৰীড়া সম্পাদক মৃদুল বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে।

অজয় শইকীয়া, নগাবাট

You might also like