নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত সাফল্যৰ শীৰ্ষত “ডাছোৱানী ক্লাছেছ”

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ প্ৰত্যেক বছৰৰ দৰে এই বছৰো সদ্যঘোষিত ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে নগাঁৱৰ অন্যতম প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান “ডাছোৱানী ক্লাছেছ” । NEET,JEE আৰু CEE পৰীক্ষাত এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । প্ৰতিষ্ঠানৰ পৰিচালক ‘ প্ৰাঞ্জল কুমাৰ বৰা’ই জনোৱা মতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ১০০ জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্ত্তি কৰাইছিল। তাৰে ভিতৰত ৮০ জনে মেডিকেল প্ৰৱেশ পৰীক্ষাত আৰু ২০ জনে ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত অৱৰ্তীন হৈছিল ৷

সদ্যঘোষিত ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাৰ ফলাফল মতে ২০ জনেই সফলতাৰে নামভৰ্ত্তি কৰিবলৈ সক্ষম হয় ক্ৰমে শিলচৰ এন আই টি(NIT), তেজপুৰ বিশ্ববিদ্যালয়, নেৰিষ্ট(NERIST), অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (AEC) তথা চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহত।

NEET পৰীক্ষাটো ৮০ জনৰ ভিতৰত ৮০ জনেই উত্তীৰ্ণ হোৱাৰ লগতে ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে অসমৰ বিভিন্ন চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিবলৈ সক্ষম হ’ব বুলি বৰাই জানিবলৈ দিয়ে । ইঞ্জিনিয়াৰিংত জ্ঞানজ্যোতি(NIT silchar), আখতাৰ হুছেইন (Tezpur university) , অনুৰাগ দাস (AEC) আৰু মেডিকেল পৰীক্ষাত সফল হোৱা মাধুৰ্য্য প্ৰতিম দাস (৫৯১) , মানস প্ৰতিম মিশ্ৰ (৫৬৩),ছায়েৰা ৰৌছন(৫৫৩),আৰিফ আক্ৰম(৫৫৩), ইৰফান হক্(৫৩৯), জিহান নিলুফা(৫২৯) , নয়নাভ বৰা (৫২৫), শ্বাশ্বতী বৰা(৪৯৮), অভিজিত ভূঞা(৪৮০), মাধুৰ্য্য চেতিয়া,অৰূপ মহুল আদি প্ৰমুখ্যে ৬০ জন ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনাই ডাছোৱানীৰ পৰিচালক প্ৰাঞ্জল কুমাৰ বৰাই । ডাছোৱানীৰ এই সফলতাত ছাত্ৰ-ছাত্ৰী ,শিক্ষক-কৰ্মচাৰী, অভিভাৱক তথা নগাঁও বাসী ৰাইজ অতিকৈ আনন্দিত । অহা ৮ নৱেম্বৰ পৰা প্ৰতিষ্ঠান খনে ২০২২ বৰ্ষৰ বাবে কোচিং পাঠ্যক্ৰম আৰম্ভ কৰিব ।

You might also like