নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহি:ৰাজ্যৰ নকল কাপোৰৰে গ্ৰাহকক ৰামঠগন নিউ চিল্কালয়ৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: পুনৰ শুৱালকুছিৰ বস্ত্ৰ বুলি বহি:ৰাজ্যৰ নকল বস্ত্ৰৰে গ্ৰাহকক ৰামঠগন দিয়া এটা ঘটনা পোহৰলৈ অহাত জাঙুৰ খাই উঠিছে শুৱালকুছিয়া শিপিনী সকল।ঘটনাটি সংঘটিত হৈছে গুৱাহাটী কমাৰপট্টীৰ জয়ন্ত দাস মালিকানাধীন নিউ চিল্কালয় নামৰ পাট মুগাৰ বস্ত্ৰ বিপনি খনত ।ঘটনাৰ বিবৰণী মতে গুৱাহাটী নুনমাটিৰ প্ৰকাশ প্ৰধান নামৰ যুৱক এজনে নিজৰ বিয়াৰ বাবে শুৱালকুছিৰ উৎপাদিত বস্ত্ৰ ক্ৰয় কৰাৰ বাবে ১৪ নৱেম্বৰত গুৱাহাটী কমাৰপট্টিৰ নিউ চিল্কালয়লৈ আহে ।তাত দুটা পাটৰ জোৰা ক্ৰয় কৰে। পাটৰ জোৰা দুটা ক্ৰয় কৰি ঘৰলৈ যোৱাত ইয়াৰে এটা পাটৰ জোৰা পৰিয়ালৰ লোকেৰ সন্দেহ ওপজাত শুৱালকুছি ৰেচম পৰীক্ষাগাৰত বিশুদ্ধতাৰ বাবে লৈ আহে । পৰীক্ষাগাৰত উক্ত জোৰাটো বহি:ৰাজ্যৰ যন্ত্ৰচালিত শালত শুৱালকুছিৰ আৰ্হিৰ হুবহু নকল বস্ত্ৰ বুলি প্ৰমান হয়। যোৱা নিশা বিষয় সন্দৰ্ভত শুৱালকুছি তাত শিল্প উন্নয়ন সমিতিৰ একাংশ সদস্য ই ক্ৰেতা জনক লগত লৈ বিপনী খনত উপস্হিত হৈ জবাবদিহি কৰে।যদিও বিপনী খনৰ মালিকে উক্ত পাটৰ জোৰাটো শুৱালকুছিৰ বুলি দাবী কৰে। আনহাতে বিপনী খনে ১৬০৪ নম্বৰ ৰচিদতো উক্ত জোৰাটো বহি:ৰাজ্যৰ বুলি উল্লেখ কৰা নাই।জোৰাটোৰ দাম লৈছিল ১৮,৭০০টকা।বিষয় সন্দৰ্ভত শুৱালকুছি তাতশিল্প উন্নয়ন সমিতিয়ে এজাহাৰ দাখিল কৰে ।

আনহাতে বিগত দুটা মাহৰ ভিতৰতে তিনিখনকৈ পাট মুগা কাপোৰৰ বস্ত্ৰ বিপনী ক্ৰমে মঞ্জু চিল্ক ,ৰাজধানী চিল্ক এম্পৰিয়াম আৰু নিউ চিল্কালয়ত শুৱালকুছিৰ আৰ্হিৰ নকল বস্ত্ৰ বিক্ৰিৰে গ্ৰাহকক প্ৰবঞ্চনা কৰা ঘটনাৰ গোচৰ তৰাৰ পিচতো বিভাগীয় ভাবে কোনো ধৰনৰ প্ৰদক্ষেপ নোলোৱাতো শুৱালকুছিৰ শিপীনী সকল ক্ষোভত ফাটি পৰিছে।মুখ্যমন্ত্ৰী তথা স্হানীয় বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বস্ত্ৰ বিপনী সমুহে নকল বস্ত্ৰ শুৱালকুছিৰ বুলি বিক্ৰি কৰাৰ প্ৰমাণ পালে আইনগত ব্যৱস্হা লোৱাৰ কথা ঘোষণা কৰিছিল যদিও তিনিখনকৈ বস্ত্ৰ বিপনীৰ বিৰুদ্ধে প্ৰমাণ সহকাৰে গোচৰ তৰাৰ পিছতো বিপনী কেইখনৰ কোনো শাস্তিমুলক ব্যৱস্হা নহল।এই ঘটনাই শিপিনী সকলক অধিক ভাৰাক্ৰান্ত কৰি তুলিছে।এইদৰে বস্ত্ৰ আইনক ভেঙুচালি কৰি অসাধু ব্যৱসায়ী চক্ৰ ই ব্যৱসায় চলাই থাকিলে ঐতিহ্য মন্দিত শুৱালকুছিৰ বস্ত্ৰশিল্প ই মিউজিয়ামত স্হান পাব বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে।সময় থাকোতে বিষয়টিত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে শুৱালকুছিৰ শিপিনী সকলে।অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিয়ে ইয়াৰ শিপিনী বোৱনী আৰু যোগালী সকলে।

You might also like