নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত বইটামাৰী-সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁও 

নিয়মীয়া বাৰ্তা, ২০জুনঃ বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহৰ জলস্থৰ বৃদ্ধি পোৱাত বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বইটামাৰী আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে । বান পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাত  বইটামাৰী আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাওঁ বানৰ কবলত পৰিছে ।বইটামাৰী ৰাজহ চক্ৰৰ পুৱ মাজেৰ আলগা পঞ্চায়তৰ হকোডবা এন চি, উত্তমপুৰ, দীননাথপুৰ,  ঈশ্বৰঝাৰী প্ৰথম আৰু দ্বিতীয় খণ্ড ,ভুতকুৰা প্ৰথমখণ্ড, তৃতীয় খণ্ড, কাইম মাজেৰ আলগা, সাতশ বিঘা চৰ , পশ্চিম মাজেৰ আলগা পঞ্চায়তৰ খৰচীমাৰী চৰ , উচুংগাৰ চৰ, দোগাছীপাৰী, খুটামাৰী, ঝাউকুৰা , ঔডুবী পঞ্চায়তৰ খেলুৱাপাৰা পঞ্চম আৰু চতুৰ্থ খণ্ড, গাছপাৰা, সুতীৰমুখ, ,যোগীঘোপা পঞ্চায়তৰ চটপাৰা এন চি চৰ,কাবাইটাৰী পঞ্চায়তৰ মোহনপুৰ, বুঢ়ীৰ চৰ , চলন্তাপাৰা পঞ্চায়তৰ চলন্তাপাৰা প্ৰথমখণ্ড, ফলিমাৰী , গৰাইমাৰী আদি গাওঁ বানৰ কবলত পৰিছে | সৃজনগ্ৰাম ৰাজহ চক্ৰৰ খোৰাগাও পঞ্চায়তৰ বেছিমাৰী  ,ঘিলাগুৰী পঞ্চায়তৰ নয়াগাও প্ৰথম খণ্ড , মালেগও পঞ্চায়তৰ সাধুপাৰা, গোবিন্দপুৰ কিছু অংশ , তিনকোনীয়া কিছু অংশ , ৬ নম্বৰ চৰ, ৫ নম্বৰ চৰ( মোহনপুৰ) আৰু বৰজানা পঞ্চায়তৰ মধুফল, আৰিমাৰা গাঁও  বানৰ কৱলত পৰিছে । বানাক্ৰান্ত এই অঞ্চল সমুহৰ  পশুধন সমুহক লৈ ভীষণ সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্তই  ।পশুধন সমুহক লৈ ওখ স্থানত আশ্ৰয় লৈছে যদিও ত্ৰিপালিন আৰু পশুখাদ্যৰ ব্যৱস্থা মহকুমা প্ৰশাসনে কৰা নাই বুলি একাংশ  বানাক্ৰান্ত লোকে সাংবাদিকক জনাইছে । আনহাতে বানাক্ৰান্ত অঞ্চলত খোৱাপানীৰ নাটনি হোৱাত নদীৰ পানী খাবলগীয়া হৈছে বানাক্ৰান্তই ।ইপিনে আজি স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰে বানাক্ৰান্ত অঞ্চল  পৰিদৰ্শন কৰে ।আনহাতে  মন্ত্ৰী পীয়ুয হাজিৰকাৰ নিৰ্দেশমৰ্মে আজি অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ জয়ন্ত দাসৰ নেতৃত্বত এটি সজাতি দলে যোগীঘোপা অঞ্চলৰ বিভিন্ন খহনীয়াপীড়িত অঞ্চল পৰিদৰ্শন কৰে।বোৰ্ডৰ অধ্যক্ষ জয়ন্ত দাসৰ লগতে প্ৰাক্তন বিধায়ক অশোক শৰ্মা,বিজেপিৰ জিলা সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি বিজেপি নেতা-কৰ্মীয়ে মালেগড় গোবিন্দপুৰত ব্ৰহ্মপুত্ৰ,আই,মানাহ,বেকী নৈৰ গৰাখহনীয়াৰ উপৰি পাচনীয়া-খোৰাগাওঁ পঞ্চায়তৰ পাচনীয়া মোহনপুৰৰ খহনীয়াপীড়িত অঞ্চল পৰিদৰ্শন কৰে।পৰিদৰ্শন কৰি পোৱা তথ্য বিভাগীয় মন্ত্ৰী পিয়ুয হাজৰিকাক দাখিল কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মালেগড়ৰ গোবিন্দপুৰত ব্ৰহ্মপুত্ৰ আৰু কেবাখনো উপনৈয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ।ঘৰ-বাৰী,ভেটিমাটি উছন কৰাৰ লগতে বহি ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই আনিছে।তেনেদৰে পাচনীয়াত ৩২ কোটি টকীয়া আচঁনিৰ অস্তিত্বক নস্যাৎ কৰি কেবাখনো গাৱঁলৈ অশনি সংকেত কঢ়িয়াই আনিছে ।তেনে সময়তে মন্ত্ৰী পিযুয হাজৰিকাই বঙাইগাওঁ জিলাৰ খহনীয়াপীড়িত অঞ্চল পৰিদৰ্শন কালত মালেগড় আৰু পাচনীয়া অঞ্চলৰ  খহনীয়াপীড়িত অঞ্চল  পৰিদৰ্শন  নকৰা বিষয়টোৱে ক্ষোভিত কৰি তুলিছে অঞ্চলবাসীক ।

You might also like