নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ ৰহমৰীয়াত ভয়ংকৰ নাওঁ দুৰ্ঘটনাঃ৪ সন্ধানহীন,তিনি কিলোমিটাৰ সোঁতত উটি জীৱন্তে উদ্ধাৰ হ’ল ৫

নিয়মীয়া বাৰ্তা,১৯জুনঃ ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি পুৱা ব্ৰহ্মপুত্ৰ নদীত এক ভয়ংকৰ নাওঁ দুৰ্ঘটনা সংঘটিত হোৱাত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে ৰহমৰীয়া পলসভঙা চাপৰিৰ পৰা বালিজান ঘাটলৈ এখন তুলুঙা নাওঁৰে গৈছিল মুঠ ৯ জন লোক।দেওবৰীয়া বালিজান বজাৰলৈ আহি থকা অৱস্থাতে নাওখন হঠাৎ বিশাল ব্ৰহ্মপুত্ৰত বুৰ যায়।সন্ধানহীন নাওঁখনৰ পৰা ইয়াৰে পাচঁ জনক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও চাৰিগৰাকী এই পৰ্যন্ত সন্ধানহীন হৈ আছে।ঘটনাৰ সবিশেষ জানিব পৰা মতে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পলভঙা চাপৰি পৰা এখন ভূটভূটি নাওঁত চাপৰিত থকা গৰু-মহৰ খুটীৰ পৰা গাখীৰ আৰু নিজ বাৰীৰ শাক পাচলি বিক্ৰীৰ বাবে প্ৰতি দেওবাৰে অহাৰ দৰে আজিও পুৱা দেওবৰীয়া বজাৰ বালিজান ঘাটলৈ আহিছিল।এনদৰে টুলুঙা নাওঁত আহি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰৰ মাজভাগত ভীষণ বতাহ আৰু ভৰ বাৰিষাৰ ঢৌৱে নাওখনত আঘাট কৰে।সৰু নাওখনত পানী সোমোৱাৰ লগে লগে পানী সিচিচিল যদিও ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নাওঁখনে সমতা স্থাপন কৰিব নোৱাৰি গভীৰ ব্ৰহ্মপুত্ৰৰ মাজভাগত নাওখন উটুৱাই লৈ যায়।এনেদৰে কিমান সময় গৈ আছিল ধাৰণা কৰাৰ পূৰ্বেই নাওখন প্ৰচণ্ড ঘন কুৱলীৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে নাওঁখন বহু দুৰলৈ উটুৱাই নিয়ে আৰু পাছত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰে।উক্ত ভয়ংকৰ নাওঁ দূৰ্ঘটনাটোত ৫ জন লোকে প্ৰায় তিনি কিলোমিটাৰ সোঁতত উটি গৈ থাকি এটা বালিচৰত লাগি ধৰে।তাৰ পৰাই তেওঁলোকে উদ্ধাৰৰ বাবে মৰণ কাতৰ চিঞৰ মৰাত ব্ৰহ্মপুত্ৰত জিঅ’ বেগৰ কাম কৰি থকা সঞ্জীৱ ডাং নামৰ এজন লোকৰ দৃষ্টিগোচৰ হয়।উক্ত জিঅ’ বেগৰ কৰ্ম্মী ডাঙে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ভৰ বাৰিষা এখন নাওৰে ব্ৰহ্মপুত্ৰৰ এক বালিচৰত আবদ্ধ হৈ পৰা লোক কেইজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উক্ত লোককেইজন ব্ৰহ্মপুত্ৰৰ এটা বালিচৰত উঠিবলৈ সক্ষম হয় যদিও আন ৪ জন লোক এই পৰ্যন্ত সন্ধানহীন হৈ আছে বুলি প্ৰকাশ।ঘটনাস্থলীত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰা উপস্থিত হোৱাৰ লগতে এনডিআৰএফৰ চাৰিটা দল আৰু এচডিআৰএফৰ দুটা উদ্ধাৰকাৰী দলে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান তীব্ৰতৰ কৰি তুলিছে।জানিব পৰা মতে সন্ধানহীন লোককেইজন হৈছে ধমেন দাস, শিৱশংকৰ যাদৱ, ঠুংকু কুৰ্মী আৰু কিষণ যাদৱ।কিছু বছৰৰ পূৰ্বে বালিজান ঘাটতে আন এক ঘটনাত ভালেকেইজন লোকৰ মৃত্যু হৈছিল।স্বাভাৱিকতেই আজিৰ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like