নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামপুৰত বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ

  • কামপুৰত শোকাবহ ঘটনা।
  • কামপুৰৰ পাছনিজাৰ মধুপুৰত সংঘটিত হৈছে এই ঘটনা।
  • বলীয়া বানে উটুৱাই নিলে কামপুৰ থানাৰ অ’চি সমুজ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক।
  • নিশা এক বজাত এজন আছামী ধৰিবলৈ গৈছিল চাৰিজনীয়া আৰক্ষীৰ দল।
  • দুজন আৰক্ষী প্ৰাণ ৰক্ষা পৰিল যদিও বলীয়া বানে উটুৱাই নিলে অ’চি আৰু কনিষ্টবলজনক।
  • নিশা ২ বজাৰ পৰা এচ ডি আৰ এফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত পুৱা ৮ বাজি ৪০ মিনিটত উদ্ধাৰ হ’ল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতীৰ মৃতদেহ।
  • কনিষ্টবল ৰাজিৱ বৰদলৈৰ ঘৰ নগাঁৱৰ হুজগাঁৱত আৰু অচি সমুজ্জল কাকতিৰ ঘৰ চাংচাৰীত বুলি জানিব পৰা গৈছে।
You might also like