নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত আৰক্ষী-প্ৰশাসনৰ বুলডুজাৰ

 

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : শোণিতপুৰৰ বালিপৰাত আজি চলিল আৰক্ষী-প্ৰশাসনৰ বুলডুজাৰ । বালিপৰাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ক্ৰমে গুদামঘাট, পুৰণি হাটখোলা আদি ঠাইত আদি আৰক্ষী-প্ৰশাসনে বুলডুজাৰ লৈ উচ্ছেদ অভিযান সম্পাদন কৰে । বিষয় সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপুমণি বৰাই সংবাদ মাধ্যমৰ আগত কয় যে গুদামঘাট,
পুৰণি হাটখোলা অঞ্চলত একাংশ লোকে জৰাসৰ আৰু মানশিৰি নৈৰ সূঁতি বন্ধ কৰি পুখুৰী সাজি মাছৰ ব্যৱসায় কৰি অহাৰ লগতে সুঁতিৰ কাষত ঘৰ-দুৱাৰ সাজি সুঁতি বন্ধ কৰি অহাৰ ফলত অঞ্চলটোৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নৈ দুখনৰ বানে বুৰাই পেলায় । ফলত বাৰিষাৰ সময়ত বানত ককবকাবলগীয়া হয় সৰ্বসাধাৰণ ৰাইজ। তেখেতে লগতে কয়ে অনাগত দিনবোৰতো অঞ্চলটোৰ নিৰ্ধাৰিত স্থানত উচ্ছেদ অভিযান অব্যাহত থাকিব। উচ্ছেদৰ সময়ত অঞ্চলটোত শান্তি-শৃঙ্খলা অটুট থকাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হয় ।

You might also like