নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ দীঘলীগাঁৱত ৬ টাকৈ নিৰ্মাণকাৰ্যৰ আধাৰশিলা ৰঙাপৰাৰ বিধায়কৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা সমষ্টিৰ তথা উদমাৰী গাঁও পঞ্চায়তৰ অধীনৰ দীঘলীগাঁৱক কৰি তোলা হ’ব এখন আদৰ্শ গাঁও হিচাপে । এই উদ্দেশ্যে আজি ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আদৰ্শ গাঁওখনৰ বিভিন্ন স্থানত ৬ টাকৈ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে । বিধায়কগৰাকীয়ে আদৰ্শ গাঁৱৰ আদৰণী তোৰণ, পকী পথৰ লগতে সৰ্বমুঠ ৫০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণকাৰ্য কামৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে ।

You might also like