নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত পুনৰ ফাদিল ছমহীয়া পৰীক্ষাৰ প্রশ্নকাকতঃ বাতিল হ’ল দশম শ্রেণীৰ বিজ্ঞানৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ পুনৰ শনিবাৰে মৰিগাঁৱত ফাদিল হ’ল দশম শ্রেণীৰ ছয় মাহিলি পৰীক্ষাৰ বিজ্ঞানৰ প্রশ্ণকাকত৷ প্রাপ্ত তথ্য মতে, মৈৰাবাৰী অঞ্চলৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰাই এই প্রশ্ণকাকত ফাদিল হৈছে৷ অভিযোগ মতে, একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাজত গোপন মিত্রতা গঢ়ি উঠিছে এই পৰীক্ষাক কেন্দ্র কৰি৷ কিয়নো যোৱা বর্ষৰ মেট্রিক পৰীক্ষাৰ ফলাফলত এই ধৰণৰ পৰীক্ষাৰ মূল্যায়নে নির্ণায়ক ভূমিকা লৈছিল৷ ক’ভিডৰ তৃতীয় ঢ়ৌ আহিলে পৰিস্থিতিগত কাৰণত মেট্রিক পৰীক্ষা পাতিব নোৱাৰিলে এই ছয় মাহিলি পৰীক্ষাৰ নম্বৰে বিশেষ প্রাধান্য পাব বুলি অনুমান কৰি এই প্রশ্ণকাকত ফাদিল অভিযানত নামি পৰিছে এটা বিশেষ চক্র৷

মৰিগাঁৱৰ উপায়ুক্ত প্রকাশৰঞ্জন ঘৰফলীয়াই এই সন্দর্ভত কয় যে ব্যক্তিগত খণ্ডৰ কেইখনমান বিদ্যালয়ে ফলাফল ভাল কৰিবলৈ এই দুষ্কর্মত লিপ্ত হৈছে৷ উপায়ুক্তগৰাকীয়ে কয়– অচিৰেই এই চক্রটো চিহ্ণিত হ’ব আৰু কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব৷ আনহাতে, বর্তমান চলি থকা পৰীক্ষা পৰিচালনা পদ্ধতি সন্দর্ভতো প্রশ্ণ উত্থাপন হৈছে৷ অধিবিদ্যা পৰিষদসমূহে এই পৰীক্ষা পৰিচালনা কৰি আছে৷ মৰিগাঁও জিলা আভ্যন্তৰীণ পৰীক্ষা সমিতিয়েই এই পৰীক্ষাৰ কর্মকর্তা৷ অসম চৰকাৰৰ অনুমোদিত এই সমিতিখনৰ অধ্যক্ষ হৈছে উপায়ুক্ত, উপাধ্যক্ষ, বিদ্যালয়সমূহৰ পৰিদর্শক, সচিব হৈছে মৰিগাঁও জিলা অধিবিদ্যা পৰিষদৰ সম্পাদকজন৷

মৰিগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা, মৰিগাঁও জিলা মাধ্যমিক শিক্ষক–কর্মচাৰী সন্থাৰ সম্পাদক দুজন সদস্য৷ দুজন ব্যক্তিগত বিদ্যালয় প্রতিনিধি সদস্য হোৱাৰ লগতে ৰঙাদৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকী পৰীক্ষা সমিতিৰ সদস্য৷ এগৰাকী অৱসৰপ্রাপ্ত প্রধান শিক্ষকে মেণ্টৰ হিচাপে কার্যনির্বাহ কৰি আছে৷ এনে উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ পৰীক্ষা পর্যবেক্ষণ আৰু নিয়ন্ত্রণৰ ব্যর্থতাৰ বাবেই এই ছয় মাহিলি পৰীক্ষাত দ্বিতীয়বাৰৰ বাবে প্রশ্ণকাকত ফাদিল হোৱা বুলি অনুমান কৰা হৈছে৷ উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত নৱম আৰু দশম শ্রেণীৰ প্রশ্ণকাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল৷ আজিও মৰিগাঁৱৰ উপায়ুক্তই দশম শ্রেণীৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিছে৷

You might also like