নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বিয়া পাতিব আহি ৰঙাঘৰৰ আলহী দৰাসহ সাতজন

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  বিজনীত বিয়া পাতিব আহি ৰঙাঘৰৰ আলহী হ’ল দৰাসহ সাতজন।সামাজিক ব্যাধি বাল্য বিবাহ কৰিবলৈ আহি এই অৱস্থা দৰাঘৰীয়াৰ।চিৰাং জিলাৰ বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত বেদলাংখাইটিত সংঘটিত হৈছে এই ঘটনা।বঙাইগাঁও জিলাৰ অভয়াপুৰি‌ থানাৰ অন্তৰ্গত গণবিন্নাৰ আফছেৰ আলীৰ পুত্ৰ ছহিদুল ইছলামে বেদলাংখাইটিৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিবাহ সম্পন্ন কৰিবলৈ আহিছিল।ঘটনাটো বৃহস্পতিবাৰে নিশাৰ।বিবাহকাৰ্য চলি থকা সময়ত পাণবাৰী থানাৰ উপ আৰক্ষী বিষয়া সনাউল্লাহ শ্বেখৰ নেতৃত্বত এবিএমছু আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত অতৰ্কিতে অভিযান চলাই বিবাহ ভংগ কৰাৰ লগতে দৰা ছহিদুল ইছলাম, দৰাৰ পিতৃ আফছেৰ আলী(60, ৰফিকুল ইছলাম(35),আজিজুল হক(25),ৰাজ আলী(40) , আহেৰ আলী(৫৫) আৰু বাছেৰ আলীক (65) গ্ৰেপ্তাৰ কৰে যদিও আন বহুতে পলায়ন কৰে।এই সংক্ৰান্তত পাণবাৰী থানাৰ আৰক্ষীয়ে 52/22 নম্বৰত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে আটাই কেইজনক।বাল্য বিবাহ সংক্ৰান্তত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা এবিএমছুৱে ধৃত লোক কেইজনক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে অনাগত দিনত বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰি যাব বুলি মন্তব্য কৰে। উল্লেখ্য দৰা ছহিদুল ইছলামে ইতিমধ্যে চাৰিবাৰ বিবাহ পাশত আৱদ্ধ হৈছে আৰু এয়া পঞ্চম বিবাহৰ বাবে প্ৰস্তুতি চলাওঁতে ৰঙাঘৰৰ আলহী হ’ব লগীয়া হয় দৰাসহ দৰাঘৰীয়াৰ আন ছয়জন।
You might also like