নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ জৱাহৰ নবোদয় বিদ্যালয়ত পুনৰ অঘটনঃ জ্যেষ্ঠৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ছাত্ৰ চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:   জ্যেষ্ঠ ছাত্ৰৰ শাৰীৰিক নিৰ্যাতনৰ বাবে নাৰায়ণপুৰৰ চৌধ্যপুনীয়াস্থিত লখিমপুৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ দুজন ছাত্ৰই বিদ্যালয় ত্যাগ কৰা এসপ্তাহ নৌহওঁতেই পুনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ সংকটজনত অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ পোন্ধৰ আগষ্টৰ বিয়লি স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়খনত অনুষ্ঠিত কাবাদী খেলৰ মাজতে দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই কৰা আক্ৰমণত মাজুলীৰ প্ৰাগজ্যোতি দলে নামৰ দশম শ্ৰেণীৰ ছাত্ৰগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ বিদ্যালয় কৰ্তৃপক্ষই সামান্য আঘাত বুলি প্ৰথমে বিহপুৰীয়া  সামুহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পাছত কেৱল অভিভাৱকক খবৰ দিয়েই দায়িত্ব সামৰে ৷ সন্ধিয়া মাজুলীৰ পৰা ছাত্ৰজনৰ পিতৃ আহি পুত্ৰৰ অৱস্থা দেখি ততাতৈয়াকৈ লখিমপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ছাত্ৰজনৰ অৱস্থা দ্ৰুত অৱনতি ঘটাত ১৬ আগষ্টৰ দিনা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ ছাত্ৰজনক প্ৰেৰণ কৰা হয় ৷ সংকটজনত অৱস্থাত থকা ছাত্ৰজনক অস্ত্ৰোপচাৰ কৰাব লাগিব বুলি চিকিৎসকে অৱগত কৰিছে ৷ খেলৰ গইনা লৈ জ্যেষ্ঠ ছাত্ৰই পৰিকল্পিতভাৱে প্ৰাগজ্যোতিক আঘাত কৰিছিল বুলি অভিভাৱকৰ অভিযোগ কৰিছে ৷

 

আনহাতে বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই ছাত্ৰজনে মৃত্যুৰে যুঁজিব লগা হৈছে ৷ সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ থকা প্ৰাগজ্যোতিক উন্নত চিকিৎসা কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰিব লগীয়াত পৰিছে ৷ এই ক্ষেত্ৰত গুৰুত্ব নাই বিদ্যালয় কৰ্তৃপক্ষৰ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ অনুশাসনৰ অভাৱৰ বাবেই জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত যোৱা ১১ আগষ্টত দুজন নৱম শ্ৰেণীৰ ছাত্ৰই বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছিল ৷ এসপ্তাহৰ ভিতৰত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত তিনজনকৈ ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা ঘটনাই বিদ্যালয়খনৰ ভিতৰ চৰাত সংঘটিত কাৰুকাৰ্যৰ ফোপোলা স্বৰূপ উদঙাই দিছে ৷ অনুশাসনৰ অভাৱ ঘটা বিদ্যালয়খনত অসুখত ভোগা বা আঘাতপ্ৰাপ্ত ছাত্ৰছাত্ৰীৰ চিকিৎসাৰ বাবে কোন পুঁজি নাই ৷ তদুপৰি চাৰিটাকৈ ছাত্ৰাবাস-ছাত্ৰীনিবাসেৰে পৰিপূৰ্ণ বিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাত পতিত হ’লে বা অসুস্থ হ’লে চিকিৎসালয়লৈ নিবলৈ কোনো বাহন নাই ৷ ব্যক্তিগত বাহন ভাড়া কৰি বা কোনো ব্যক্তিৰ অনুগ্ৰহত চিকিৎসাৰ বাবে নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিদ্যালয়খনৰ অধ্যক্ষ তথা কৰ্তৃপক্ষই অৱহেলাৰ বাবে মাজুলীৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ প্ৰাগজ্যোতি পেগুৱে মৃত্যুৰে যুঁজিব লগীয়াত পৰিছে ৷ 
 বিদ্যালয়খনৰ অধ্যক্ষ অপূৰ্ব কুমাৰ ৰয়ৰ অনুশাসনহীনতা আৰু দায়িত্বহীনতাৰ বাবে প্ৰায়েই জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈ আহিছে ৷ লখিমপুৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব কুমাৰ ৰয়ৰ চুড়ান্ত অনুশাসনহীনতাৰ বাবে যোৱা বছৰো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাছত ৯ জন ছাত্ৰ বহিস্কৃত হ’ব লগীয়া হৈছিল ৷
নাৰায়ণপুৰৰ পৰা সমীন কুমাৰ শইকীয়া,
You might also like