নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত শুৰ পোকৰ তাণ্ডৱ; শুৰ পোকৰ পৰা পৰিত্ৰাণ বিছাৰি লক্ষ্মী দেৱীৰ ওচৰত শৰণাপন্ন কৃষক

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ  বিজনীৰ ১ নং ফাগুণাগাঁৱত শুৰ পোকৰ তাণ্ডৱ। শুৰ পোকে খাই তহিলং কৰিছে কৃষকৰ বিঘাই বিঘাই ধান খেতি। শুৰ পোকৰ পৰা পৰিত্ৰাণ বিছাৰি ধনৰ দেৱী লক্ষ্মী দেৱীৰ ওচৰত শৰণাপন্ন হৈছে কৃষক।কৰিছে পূজা অৰ্চনা। কৃষি বিভাগৰ তৰফৰ পৰা হেজাৰ বিঘা ধান খেতিৰ বিপৰীতে তিনি লিটাৰ কীটনাশক দিয়াৰ অভিযোগ খেতিয়কৰ। কৃষি বিভাগৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নেকি কৃষকে? কৃষকৰ অভাৱ-অভিযোগ পুৰন কৰাত ব্যৰ্থ হৈছে নেকি টিভিৰ পৰ্দাত সুন্দৰ সুন্দৰ ভাষণ দিয়া কৃষি মন্ত্ৰী অতুল বৰাই? কৃষকক সহায়ৰ হাত আগবঢ়াবলৈ সদিচ্ছাৰ অভাৱ হৈছে নেকি কৃষি মন্ত্ৰী অতুল বৰাৰ? নে একবিংশ শতিকাৰ আধুনিক যুগতো বিজ্ঞানৰ জয় যাত্ৰাই স্পৰ্শ কৰা নাই গ্ৰাম্যাঞ্চলৰ কৃষকক?

হয়, আপুনি ঠিকেই দেখিছে। খেতি পথাৰত শুৰ পোকৰ পৰা পৰিত্ৰাণ বিছাৰি ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে কৃষক।কৰিছে পূজা অৰ্চনা, কৰিছে নাম কীৰ্ত্তন, জাউৰীয়ে জাউৰীয়ে পৰিছে উৰুলি। বিজনী মহকুমাৰ ১ নং ফাগুণাগাঁৱৰ। শুৰ পোকে খেতি পথাৰৰ ধান এফালৰ পৰা খাই তহিলং কৰাৰ ফলত চৰকাৰক ভৰষা নকৰি শৰণাপন্ন হৈছে ধনৰ দেৱতা লক্ষ্মী দেৱীৰ ওচৰত। বিজনী মহকুমা কৃষি বিভাগক জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভূগি কৃষকৰ। কৃষি বিভাগৰ তৰফৰ পৰা হেজাৰ বিঘা কৃষি ভূমিৰ বিপৰীতে মাত্ৰ তিনি লিটাৰ কীটনাশক দৰৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষিজীৱী ৰাইজে। যাৰ পৰিপ্ৰেক্ষিতত এই পন্থা অৱলম্বন কৃষিজীৱী ৰাইজৰ। উল্লেখ্য যে ১ নং ফাগুণাগাঁৱৰ অন্তৰ্গত ৮৫ টা কৃষক পৰিয়ালৰ ৩২০ বিঘা মাটিৰ ভিতৰত বৰ্তমান প্ৰায় ৫০ বিঘা মান মাটিত শুৰ পোকৰ আক্ৰমণ চলি আছে।

You might also like