নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও আৰক্ষী অধীক্ষকক ১৫ লাখ টকা উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ এজন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ মৰিগাঁও ৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাক এটা বিশেষ গোচৰ সংক্ৰান্তত অভিযুক্তক সুৰক্ষা দিয়াৰ কু অভিপ্ৰায়ৰে ১৫ লাখ টকা উৎকোচ দিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী অধীক্ষক গৰাকীয়ে দণ্ডাধীসৰ উপস্থিতিত এজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা, অতিৰিক্ত আৰক্ষী অধীক্ষক শোভাষীস বৰুৱা আৰু দণ্ডাধীশ মুনমি কলিতাৰ উপস্থিতিত জব্দ কৰা হৈছে ১৫ লাখ টকা আৰু গ্ৰেপ্তাৰ হৈছে মান্নাছ আলি নামৰ ব্যক্তিজন। উল্লেখ্য কিছুদিন পূৰ্বে মৰিগাঁও আৰক্ষী অধীক্ষক ৰ নেতৃত্বত জিলাখনৰ কেবাটাও স্থানত অভিযান চলাই ৫ টা ভেজাল গুৰ প্ৰস্তুত কৰা অবৈধ কাৰখানা উৎখাট কৰা হৈছিল। উক্ত গোচৰ তো সন্দৰ্ভত অভিযুক্ত কেইজনক আইনী সুৰক্ষাৰ বাবে বুজাবুজি কৰিবলৈ ৩ দিন পূৰ্বে মৰিগাঁওৰ আৰক্ষী অধীক্ষকক উক্ত চক্ৰ টোৱে যোগাযোগ কৰিছিল আৰু ১৫ লাখ টকা উৎকোচ দিয়াৰ চেষ্টা কৰিছিল।

২০ লাখত বুজাবুজি কৰি আজি প্ৰথম কৃষ্টি ১৫ লাখ প্ৰদান কৰিবলৈ অহাৰ সময়তে উক্ত ধনসহ আৰক্ষী অধীক্ষক গৰাকীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তি জনক। এই সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কৈ যে মৰিগাঁও আৰক্ষী প্ৰশাসনে দুৰ্নীতি সৈতে আপোচ কোনো দিন নকৰে আৰু এনেদৰে আৰক্ষী বিষয়ৰ সৈতে ধনৰ বুজাবুজি কৰিবলৈ আহিলে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

You might also like