নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ টিকাকৰণ অভিযানৰ তিনিচুকীয়া জিলা টাস্ক ফ’ৰ্চৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: বিশেষ টিকাকৰণ অভিযানৰ তিনিচুকীয়া জিলা টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় তিনিচুকীয়া জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ৰমেন সোনোৱালে। জিলাখনৰ বিভিন্ন এলেকাত নিয়মীয়া টিকাকৰণ পৰা বাদ পৰা শিশু তথা গৰ্ভৱতী মহিলাসকলৰ যাতে টিকাকৰণ কৰিব পৰা যায় সেই উদ্দেশ্যে ১২ ডিচেম্বৰৰ পৰা তিনিটা পৰ্যায়ত এই বিশেষ টিকাকৰণ অভিযান অৰম্ভ হব বুলি অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, তিনিটা পৰ্যায়ত ক্ৰমান্বয়ে ১২ ডিচেম্বৰৰ ১৮ ডিচেম্বৰলৈকে, ১৬ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে আৰু ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে সপ্তাহযোৰাকে এই বিশেষ টিকাকৰণ অভিযান আৰম্ভ হ’ব। এই বৰ্ষৰ বিশেষ টিকাকৰণ অভিযানৰ মূল বিষয়বস্তু হৈছে “প্ৰতিটো শিশুৰ ওচৰলৈ যোৱা”। বৈঠকত অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাই বিশেষ টিকাকৰণ অভিযানৰ সফল ৰূপায়নৰ বাবে জিলাখনত ব্যাপক সজাগতা সৃষ্টিৰ পোষকতা কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকলক ঘৰে ঘৰে গৈ জৰীপ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আশা আৰু অংগনবাড়ী কৰ্মীসকলকো এই বিশেষ টিকাকৰণ অভিযানত অন্তৰ্ভুক্ত কৰিবলৈ জিলা সমাজকল্যাণ বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে, চাহ বাগিচাসমূহ আৰু ভিতৰুৱা অঞ্চলত যাতে কোনো শিশু তথা গৰ্ভৱতী মহিলা টিকাকৰণৰ পৰা বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক অতিৰিক্ত উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ গৌৰী শংকৰ গগৈ, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া নিলুৰাম শৰ্মা, জিলা টিকাকৰণ বিষয়া নিৰোদ কুমাৰ বৰা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

প্ৰেৰক:- বিবেক বড়া

You might also like