নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: হেপাহৰ ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন।অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুৰ পূৰ্বেই যন্ত্ৰৰ দ্বাৰা উৎপাদিত গামোছাৰে থলুৱা শিপিনীক মাধমাৰ শোধোৱাৰ লগতে পুৰাতন এক গ্ৰাম্য পৰম্পৰা ধ্বংস প্ৰচেষ্টা চলোৱা এই অসাধু ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে ৰাজ্য প্ৰশাসন।ইতিমধ্যে পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে ৰাজ্যজুৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অভিযান আৰম্ভ হৈছে।ইয়াৰ সমান্তৰালকৈ হস্ততাঁ‌ত দ্বাৰা উৎপাদিত সামগ্ৰীৰ বাবে অনুচ্ছেদ সংৰক্ষণ আইন ১৯৮৫ ৰ অধীনত গামোচা আৰু মেখেলা চাদৰ তৈয়াৰ কৰা পাৱাৰলুমৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি বজাৰত অভিযান তীব্ৰ কৰা হৈছে।বিশ্বনাথ মহকুমা প্ৰশাসনৰ সহযোগত এনফৰ্চমেণ্ট স্কোৱাৰ্ডে আজি বিশ্বনাথ নগৰৰ বিভিন্ন কাপোৰ দোকানত এক বিশেষ অভিযান চলায় আৰু মেখেলা চাদৰ গামোচা আদি নিৰীক্ষণ কৰে। এই অভিযানত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ লগতে  আৰক্ষীৰ সৈতে এই অভিযানৰ নেতৃত্ব দিয়ে বিশ্বনাথ মহকুমাৰ  কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে। আনহাতে ইয়াৰ কিছুদিন পূৰ্বে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ লগতে বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ সৈতে এই অভিযান চলাই পাৱাৰলুমৰ গামোছা, মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হৈছিল যদিও বৰ্তমানেও এই অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।

You might also like