নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত শ্ৰীশ্ৰীশিড়দী সাই বাবা মন্দিৰৰ আনুষ্ঠানিকভাৱে মুকলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

  • ‘অসমৰ পৰ্যটনক উদ্যোগৰূপে গঢ়ি তোলা হ’ব’- মন্ত্ৰী জয়ন্ত মল্ল
  • ‘অসমত দক্ষতা বিকাশ বিভাগৰ জৰিয়তে দুই লাখ যুৱক-যুৱতীক সংস্থাপন দিয়া হ’ব ‘- মন্ত্ৰী জয়ন্ত মল্ল

 

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: ভৱানীপুৰ চ’কৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে স্থাপিত সাই বাবাৰ নৱনিৰ্মিত “শ্ৰীশ্ৰীশিড়দী সাই বাবা মন্দিৰ” আজি শুভ উদ্বোধন কৰা হয় । অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাইবাবাৰ মন্দিৰটো শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে, ‘অসম চৰকাৰে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ অধিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আঁচনি প্ৰৱৰ্তন কৰিছে। অসমৰ পৰ্যটনক এক উদ্যোগৰূপে শক্তিশালীৰূপত গঢ়ি তোলা হ’ব। ঠিক তেনেদৰে পৰ্যটন উদ্যোগৰ এক অংশ স্বৰূপে ভৱানীপুৰৰ সাইবাবাৰ নৱনিৰ্মিত ‘শিৰডি সাইধাম’ নামনি অসমৰ এখন আকৰ্ষণীয় তীৰ্থস্থান হ’ব। গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ সাইবাবাৰ মন্দিৰ নাছিল। ভৱানীপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন হোৱা শিৰডি সাইধাম একমাত্ৰ সাইবাবাৰ মন্দিৰ। ভৱানীপুৰৰ শিৰডি সাইধামৰ কাষতে মানাহ ৰাষ্ট্ৰীয় উদ্যান। গতিকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পৰ্যটকৰো আকৰ্ষণস্থলী হ’ব ভৱানীপুৰৰ শিৰডি সাইধাম। মুখ্যমন্ত্ৰীৰ একত্ৰিত পূজিৰ পৰা ২৫ লাখ টকা উন্নয়নৰ বাবে আবণ্টন দিয়া ভৱানীপুৰৰ শিৰডি সাইধামৰ উন্নয়নৰ বাবে পৰবৰ্তী সময়ত চৰকাৰী আঁচনি প্ৰৱৰ্তন কৰিব’।

আনহাতে সাইবাবাৰ মন্দিৰটো উদ্বোধন কৰাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ লগত হোৱা এক কথা বতৰাত কয় যে-‘অসমত দক্ষতা বিকাশ বিভাগৰ জৰিয়তে ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক সংস্থাপন দিয়া হ’ব’।

উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয় যে- ‘সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ নেতৃত্বাধীন চৰকাৰে মঠ, মন্দিৰ,নামঘৰ,সত্ৰ আদিবোৰৰ উন্নয়নেৰে দেশৰ সভ্যতা সংস্কৃতিক স্থায়ীভাৱে জীয়াই ৰখাৰ আঁচনি প্ৰৱৰ্তন কৰিছে। বিজেপি চৰকাৰৰ নেতৃত্বত দেশৰ তথা সামাজিক সভ্যতা, সংস্কৃতি জীয়াই থাকিব’।

উল্লেখ্য যে আজি এক মাংগলিক কাৰ্যসূচী ৰূপায়নেৰে ভৱানীপুৰৰ সাইবাবাৰ মন্দিৰ শিৰডি সাইধামৰ শুভ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উদ্বোধনী অনুষ্ঠানত বহুসংখ্যক অতিথিৰ লগতে অগণন ৰাইজৰ সমাবেশ ঘটে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শিৰডি সাইধামৰ শুভ উদ্বোধনী অনুষ্ঠানত বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়িত হয়।

You might also like