নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ মহকুমা পশু চিকিৎসায় চৌহদত ৰাষ্ট্ৰীয় পশুধন মিছনৰ অধীনত ছাগলী বিতৰণ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: বৰ্তমান ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ঘোষণা কৰিছে। সমান্তৰালকৈ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ মহকুমাত ৰাষ্ট্ৰীয় পশুধন মিছনৰ অধীনত গ্ৰাম্যাঞ্চলৰ পিছ চোতালত ছাগলী পালন আঁচনিৰ অধীনত ৰূপায়ন কৰা বিশ্বনাথ মহকুমা পশু চিকিৎসালয় চৌহদত কালি এক সভা আয়োজন কৰা হয়।  মহকুমা পশুচিকিৎসা ও পশুপালন বিভাগৰ দ্বাৰা ছাগলী বিতৰন এক কাৰ্য্যসূচীত উপস্থিত থাকে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানী। ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে আঁচনিখনৰ অধীনত নিৰ্বাচিত হিতাধিকাৰী সকলৰ মাজত ছাগলী বিতৰণ কৰি সকলোকে কি দৰে উন্নতিৰ দিশত আগবাঢ়িব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

You might also like