নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালৰ বকুল মাজ গাঁৱৰ বৰনামঘৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৩৯৬সংখ্যক তিৰোভাৱ তিথি

নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক লৈ বৈষ্ণৱ সমাজ প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মায়ামৰা ধৰ্ম আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৩৯৬ সংখ্যক তিৰোভাৱ তিথি আজি দিনজোৰা কাৰ্যসূচীৰে লাহোৱালৰ বকুল মাজ গাওঁৰ বৰনামঘৰত অনুষ্ঠিত কৰা হয়। আজি পুৱাভাগত এই উপলক্ষে বকুল মাজ গাওঁৰ ৰাজহুৱা খেলপথাৰৰ পৰা গায়ন-বায়নেৰে এক ধৰ্মীয় শুভাযাত্ৰা উলিওৱা হয়। চাবুৱা দীনজয় সত্ৰ সত্ৰাধিকাৰ অৰূপানন্দ গোস্বামী, মদাৰখাতৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাত সত্ৰ সত্ৰাধিকাৰ বৈষ্ণৱানন্দ গোস্বামী, গড়পৰা সত্ৰ সত্ৰাধিকাৰ জগদানন্দ গোস্বামী, আৰু মদাৰখাত সত্ৰ ডেকা প্ৰাৰ্থপ্ৰতীম গোস্বামী উপস্থিতিত এই শুভাযাত্ৰা বাহিৰ কৰা হয়।বকুল মাজ গাওঁ, বকপৰা আদিকে ধৰি বৃহত্তৰ লাহোৱাল অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আজি অনুষ্ঠানত ধৰ্মীয় আলোচনা সভা, লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনাও জনোৱা হয়।

You might also like