নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক নেতা ৰাকেশলৈ দুর্বৃত্তৰ চিঞাহী নিক্ষেপ

নিয়মীয়া বাৰ্তা, ৩১মেঃ এইবাৰ কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকাইটৰ মুখত দুর্বৃত্তই দলিয়ালে চিঞাহী৷ আজি কর্ণাটকৰ বাংগালুৰুত আয়োজিত কৃষক সন্মিলনত ৰাকেশ টিকাইটৰ উপস্থিতিত অভাৱনীয় অশান্তিৰ সৃষ্টি হয়৷ তেতিয়াই কৃষক নেতাগৰাকীৰ মুখলৈ দুর্বৃত্তৰ ছটিয়াই দিয়ে চিঞাহী৷ এই সন্মিলনত একাংশই চকী ভঙাৰ উপৰি সংঘর্ষতো লিপ্ত হয়৷ ফলত বাংগালুৰুৰ গান্ধী ভৱনত আয়োজিত কৃষকৰ এই সন্মিলন বাধাগ্রস্ত হয়৷ এই সংঘর্ষৰ বাবে উত্তৰ প্রদেশৰ কৃষক নেতা ৰাকেশ টিকাইটে কর্ণাটক আৰক্ষী তথা বিজেপি জড়িত থকা বুলি অভিযোগ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ তিনি বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে ১৮ মাহ ধৰি আন্দোলন চলাইছিল৷ এই আন্দোলনৰ নেতৃত্ব প্রদান কৰা অন্যতম মুখ আছিল পশ্চিম উত্তৰ প্রদেশৰ জাঠ কৃষক সংগঠন ‘ভাৰতীয় কিষান ইউনিয়ন (বিকেইউ)’ৰ নেতা ৰাকেশ টিকাইট৷ লক্ষণীয়ভাৱে বিকেইউৰ অভ্যন্তৰত চলি থকা মতানৈক্যৰ বাবে আজি কৃষক আন্দোলনৰ নেতাগৰাকীৰ ওপৰত এনেদৰে আক্রমণ চলোৱা হয় বুলি বিভিন্ন মহলে ধাৰণা কৰিছে যদিও কর্ণাটক আৰক্ষী এই কার্যত জড়িত থকা বুলি দাবী কৰিছে ৰাকেশ টিকাইটে৷

You might also like