নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োলেণ্ড বিশ্ববিদ্যালয়ত পঞ্জীয়ক নিযুক্তিৰ দাবীঃ গোৰেশ্বৰ মহাবিদ্যালয়ত অৱস্থান ধৰ্মঘট ছাত্ৰ একতা সভাৰ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিটিআৰ”ৰ এজন উপযুক্ত ব্যক্তিক পঞ্জীয়ক হিচাপে নিযুক্তি দিয়াকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত বাক্সা জিলাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ গোৰেশ্বৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাই অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ একতা সভাৰ আন আন দাবীসমূহ হ’ল- বিশ্ববিদ্যালয়খনত পূৰ্ণাংগ পঞ্জীয়ক নিযুক্তি নিদিয়ালৈকে কোনো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা, কাৰ্য্যকৰী সভাৰ পূৰ্বে এখন কৰ্ট সভা অনুষ্ঠিত কৰা, কাৰ্যবাহী পৰিষদৰ খালী হৈ থকা পদসমূহ পূৰণ কৰা, স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফল , মাৰ্কশ্বীটসমূহ সময় মতে দিয়া আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ লাইশ্ৰাম লাডুসিংৰ দূৰ্নীৰ্তি অনিয়মৰ বাবে অতিশীঘ্ৰে অপসাৰণ কৰা আদি ।

উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচী গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্দোগত এবছুৰ গোৰেশ্বৰ আৰু মহৰিপাৰা আঞ্চলিক কমিটিৰ সহযোগত মহাবিদ্যালয়খনৰ সন্মুখত ৰূপায়ন কৰে । দিনৰ দহ বজাৰ পৰা বাৰ বজালৈ অনুষ্ঠিত এই ধৰ্মঘট কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় কমিটিৰ শিক্ষা বিভাগৰ সহকাৰী সম্পাদক ৰোমিঅ কুমাৰ বসুমতাৰী, বাক্সা জিলাৰ মুখপত্ৰ বানেশ্বৰ নাৰ্জাৰী, বাক্সা জিলাৰ জনসংযোগৰ সম্পাদক জীৱন সিং বসুমতাৰী, ওডালগুৰি জিলাৰ মুখপত্ৰ মনসিং দৈমাৰী, কাৰ্যালয় সম্পাদক সিমান দৈমাৰী আৰু বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সদস্য শচীন দৈমাৰী উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইডুসিংৰ দূৰ্নীৰ্তি, ভ্ৰষ্টাচাৰৰ বিষয়ে উল্লেখ কৰি বক্তব্য ৰাখে । অৱস্থান ধৰ্যঘট কাৰ্যসূচীৰ অন্তত জিলা উপাযুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন

You might also like