নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত বিজেপিৰ ৰণ চালি; তৃণমূল পৰ্যায়ৰ পৰাই দলক শক্তিশালী কৰাৰ আহ্বান

নিয়মীয়াবার্তা, ৫ আগষ্ট : “বিজেপি দলে ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনক লৈ এক মিছন আৰম্ভ কৰিছে। সেই মিছন হল সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলে ১০০+ আসন দখল কৰি পুনৰ শাসনলৈ অহাৰ লক্ষ্য স্থিৰ কৰি লৈছে। এই লক্ষ্যত উপনীত হবলৈ বিজেপি দলৰ সকলো স্তৰৰ কৰ্মীয়ে শক্তিশালি ভাৱে দলৰ সংগঠন গঢ়ি তুলিব লাগিব।” আজি নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বিজেপিৰ ভোটাই পাথৰি মণ্ডলৰ অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে দলৰ সংগঠন তৃণমুল পৰ্যায়ৰ পৰা গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়।

নিজ পাথৰি প্ৰাথমিক বিদ্যালয়ত বিজেপিৰ ভোটাই পাথৰি মণ্ডলৰ সভাপতি জ্ঞান শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয়, “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মাত্ৰ ৪টা বছৰত অসমত দ্ৰুত উন্নয়ন হৈছে। আমাৰ চৰকাৰে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ সম-উন্নয়ন আৰু সম-বিকাশৰ কাৰণে কাম কৰিছে। আমি এই কথা বিলাক ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব।” বিজেপিৰ নগাওঁ জিলা সমিতিৰ সভাপতি অভিজিৎ নাথে কয়, “বিজেপি একমাত্ৰ দল যিয়ে এতিয়া অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিছে। বিজেপি চৰকাৰৰ বাবেই অসমত শান্তি স্থাপন হৈছে।” বিজেপিৰ জ্যেষ্ঠ নেতা জিতু গোস্বামীয়ে কয়, “বঢ়মপুৰত বিজেপি দলক ৰাইজৰ কাষলৈ নিয়াৰ চেষ্টা কৰা হৈছে। তৃণমূল পৰ্যায়ৰ পৰাই দলক শক্তিশালী কৰি তোলা হৈছে।” গোস্বামীয়ে দলৰ কৰ্মী সকলক দলৰ সংগঠন অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়।

সভাত জিলা বিজেপিৰ উপসভাপতি পংকজ বৰদলৈ, মণ্ডলৰ উপসভাপতি বুধেন শইকীয়া, সাধাৰণ সম্পাদক জোনমণি শৰ্মা, জ্যেষ্ঠ সদস্য মোহন শৰ্মা, প্ৰবীণ শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে। সভাতেই ৰঞ্জিত কলিতা, অৰবিন্দ শইকীয়া, ভাৰত শইকীয়া, জয়ন্ত বৰা, সুনীল মুক্তিয়াৰ, লখিনন্দন শইকীয়া,অনুৰূপা কলিতা,কামাল হুছেইন, ৰেজিনা বেগম সহ ৫০ জনৰো অধিক অগপ আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। উল্লেখ্য যে জিতু গোস্বামী বঢ়মপুৰ সমষ্টিৰ বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দুৰ্গ হিচাপে পৰিচিত বঢ়মপুৰত বিজেপিৰ ৰণ চালিয়ে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

You might also like