নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰৰ বেদাংগনালৈ আন্তঃৰাষ্ট্রীয় সন্মান

নিয়মীয়াবার্তা, ২৭আগষ্ট: যোৱা ১০ জুনত ঘোষিত অজন্তা ইলোৰা আন্তঃৰাষ্ট্রীয় আর্ট গেলাৰী (মহাৰাষ্ট্র)ৰ সৌজন্যত অনলাইন যোগে আয়োজিত আর্ট প্রদর্শনীত বঢ়মপুৰ হাজৰিকাচুকৰ ড০ নকান্ত ভাগৱতী আৰু নীলিমা বৰঠাকুৰ ভাগৱতীৰ কন্যা বেদাংগনা ভাগৱতীয়ে শ্রেষ্ঠ সন্মান অর্জন কৰে৷ বেদাঙ্গনাৰ এই সফলতাত সমগ্র অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে৷ ১৭ বর্ষত ভৰি দিয়া বেদাংগনাই যোৱা ২৬ জুনত তামিলনাডুত অনলাইন যোগে অনুষ্ঠিত আর্ট প্রতিযোগিতাতো অংশগ্রহণ কৰি দ্বিতীয় স্থান পাবলৈও সক্ষম হৈছিল৷

You might also like