নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মর্নিং কনছাল্টৰ সমীক্ষাত বিশ্বৰ সর্বাধিক জনপ্রিয় নেতা নৰেন্দ্র মোদী

  • ১৭ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলোৱা সমীক্ষাত প্রধানমন্ত্রী মোদীৰ ৰেটিং ৭৫ শতাংশ
  • দ্বিতীয় স্থানত মেক্সিকোৰ এনড্রেজ মেনুৱেল লোপেজ অব্রাডৰ
  • দশম স্থানত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন

নিয়মীয়াবার্তা, ২৭আগষ্ট: আন্তর্জাতিক পর্যায়ত বিশ্ব নেতা হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা অটুট আছে৷ আন্তর্জাতিক কোম্পানী মর্নিং কনছাল্টৰ সমীক্ষাত বিশ্বৰ সর্বাধিক জনপ্রিয় নেতা প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ কোম্পানীটোৱে ১৭ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলোৱা সমীক্ষাত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰেটিং ৭৫ শতাংশ৷ বিশ্বৰ নেতাসকলৰ ভিতৰত এই ৰেটিঙেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী বিশ্বৰ সর্বাধিক জনপ্রিয় নেতা হিচাপে স্বীকৃত হৈছে৷ মর্নিং কনছাল্টৰ সমীক্ষা মতে ৭২ শতাংশ ভাৰতীয় নাগৰিকে বিশ্বাস কৰে যে প্রধানমন্ত্রী মোদীয়ে দেশখনক সঠিক দিশে আগবঢ়াই নি আছে আৰু ক’ভিড–১৯ৰ সময়ত তেওঁৰ নেতৃত্বক গ্রহণ কৰা পদক্ষেপক দেশৰ ৭৫ শতাংশ নাগৰিকে আস্থাত লৈছে৷

কোম্পানীটোৰ শীর্ষ ১০ বিশ্ব নেতাৰ তালিকাত প্রধানমন্ত্রী মোদীয়ে ৭৫ শতাংশৰে শীর্ষস্থান লাভ কৰাৰ বিপৰীতে ৬৩ শতাংশৰে মেক্সিকোৰ এনড্রেছ মেনুৱেল লোপেজ অব্রাডৰে দ্বিতীয় স্থান পাইছে৷ ৫৮ শতাংশৰে তৃতীয় স্থানত অষ্ট্রেলিয়াৰ এন্থনী আলবানিজ, ৫২ শতাংশৰে ছুইজাৰলেণ্ডৰ ইগনাজি’ কেছিছ চতুর্থ স্থানত, ৫৪ শতাংশৰে ইটালীৰ মেৰি’ ড্রাঘী পঞ্চম স্থানত, ৫০ শতাংশৰে ছুইডেনৰ মেগডালিনা এণ্ডাৰচন ষষ্ঠ স্থানত, ৪৩ শতাংশৰে বেলজিয়ামৰ আলেকজেণ্ডাৰ ডে ক্রো সপ্তম স্থানত, ৪২ শতাংশৰে ব্রাজিলৰ জেইৰ ব’ল চ’নাৰো অষ্টম স্থানত, ৪১ শতাংশৰে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন নৱম স্থানত আৰু ৩৮ শতাংশৰে জাপানৰ ফুমি’ কিচিডা দশম স্থানত আছে৷ উল্লেখ্য যে সমীক্ষাত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰেটিং ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ শীর্ষ সময়ছোৱাতো শীর্ষস্থানত আছিল৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ ২০২০ চনত ৰেটিং ৮৩ শতাংশ আছিল৷ পৰৱর্তী সময়ত ৰেটিং কিছু হ্রাস পালেও বিশ্বৰ সর্বাধিক জনপ্রিয় নেতা হিচাপে মোদীৰ স্থান অক্ষুণ্ণ আছে৷

You might also like