নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডৰ চুখভিৰ পৰা গুৱাহাটী হৈ অৰুণাচললৈ ৰে’ল

নিয়মীয়াবার্তা, ২৭আগষ্ট: উত্তৰ–পূব সীমান্ত ৰে’লৱেত শুকুৰবাৰৰে পৰা সংযোজিত হ’ল এটা নতুন ৰে’লৱে ষ্টেচন৷ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ডিমাপুৰৰ পিছত এইটোৱেই দ্বিতীয়টো ৰে’লৱে ষ্টেচন, যিটো ষ্টেচনৰ পৰা নতুন ৰে’লপথেৰে মিজোৰাম হৈ অৰুণাচল প্রদেশলৈকে সংলগ্ন কৰা হৈছে৷ ডিমাপুৰ ৰে’লৱে ষ্টেচন নির্মাণৰ প্রায় ১১৯ বছৰৰো অধিক কালৰ পিছত ৰাজ্যখনৰ চুমুকডিমা জিলাত চুখভি ৰে’লৱে ষ্টেচন নির্মাণ কৰা হৈছে বুলিও নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ই সাংবাদিকৰ আগত এই বিষয়ে অৱগত কৰিছে৷

নাগালেণ্ডৰ প্রথমটো ৰে’ল ষ্টেচন ডিমাপুৰ ১৯০৩ চনত স্থাপন হৈছিল৷ নাগালেণ্ডৰ চুমুকডিমা জিলাৰ চুখভি ৰে’লৱে ষ্টেচনৰ পৰা আজি সংযোজিত হৈছে এখন নতুন ৰে’লৰ৷ নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক অনচুল গুপ্তা আৰু লামডিঙৰ মাণ্ডলিক প্রবন্ধক জে এছ লাকৰাই ১৫৮১৭/১৫৮১৮ নম্বৰৰ দনী প’ল এস্কপ্রেছ নামৰ ৰে’লখনৰ আজি ফ্লেগ অফ কৰে৷ এই ৰে’লসেৱা অৰুণাচল প্রদেশৰ নাহৰলগুনৰ পৰা গুৱাহাটী হৈ চুখভি ৰে’লৱে ষ্টেচনলৈ চলাচল কৰিব৷

এই অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ পৰিবহণ মন্ত্রী পাইৱাংগ কনয়াক, নাগালেণ্ডৰ বিধায়ক এন জেকব জিমমি৷ উল্লেখযোগ্য যে এই ৰে’লখনে ১৩ ঘণ্টা ৪০ মিনিটত ৪৪০ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰিব৷ ৰে’লখনে যাত্রাপথত ধনশিৰি, ডিফু, লামডিং, লংকা, হোজাই, চাপৰমুখ, গুৱাহাটী, কামাখ্যা, চাংসাৰি, ৰঙিয়া, টংলা, ওদালগুৰি, উত্তৰ ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি, গহপুৰ, তাতিবাহাৰ, হাৰমতি আদি ৰেলষ্টেচনত ৰখিব৷

তাৎপর্যপূর্ণ যে এই ৰে’ল সেৱাই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উন্নয়নত যথেষ্ট সহায় কৰিব৷ এই ৰে’ল সেৱাই অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক–সামাজিক ভাতৃত্ববোধৰো সৃষ্টি কৰিব বুলি উত্তৰ–পূব সীমান্ত ৰে’লৱে মহাপ্রবন্ধক অনচুল গুপ্তাই সংবাদ মাধ্যমক কয়৷

You might also like